টিয়ক নৈৰ বাঢ়নি পানীয়ে প্লাৱিত কৰিলে সোণাৰিৰ সেউজীপাম অঞ্চল। তিনি দিন ধৰি পানীৰ তলত সোণাৰি পৌৰসভাৰ অন্তৰ্গত ৬ নং ৱাৰ্ডৰ সেউজীপাম অঞ্চল। অঞ্চলটোৰ ৬০ ঘৰৰো অধিক পৰিয়াল পানীৰ মাজত আৱদ্ধ। তিনি দিন ধৰি ব্যাহত অঞ্চলটোৰ জীৱনযাত্ৰা। অঞ্চলটোত চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্মিত হোষ্টেলৰ লগতে পথৰ ওপৰত আশ্ৰয় লৈছে বানাক্ৰান্ত জনতাই। এতিয়ালৈকে সহায়ৰ হাত আগ নবঢ়োৱাৰ অভিযোগ প্ৰশাসনৰ বিৰূদ্ধে