তিনিচুকীয়াত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ৰূপায়িত অভিলাসী সখী এক্সপ্ৰেছ  আঁচনিৰ অধীনত ASRLM তিনিচুকীয়া জিলা কাৰ্য্যালয়ৰ প্ৰঙ্গণত  স্কুটী বিতৰণ কাৰ্য্যসূচী সম্পন্ন হয় ।

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

জিলাখনৰ ৭টা উন্নয়ন খণ্ডৰ সামাজিক সমল ব্যক্তি ক্ৰমে বেংক সখী , কৃষি সখী , পশু সখী , বীমা সখী আৰু ইন্টাৰনেল মেন্টৰ সকলক ৩৫ খন দুচকীয়া বাহন (স্কুটী) আনুষ্ঠানিকভাৱে তিনিচুকীয়াৰ জিলা উপায়ুক্ত নাৰছিং পৱাৰ , জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী আৰু জিলা পৰিবহন বিষয়া ৰাজীৱ পেগুৱে বিতৰণ কৰে ।

এই আচঁনিৰ অধীনত তিনিচুকীয়া জিলাৰ সৰ্বমুঠ ২৫৩ খন দুচকীয়া বাহন(স্কুটী) সামাজিক সমল ব্যক্তিক প্ৰদান কৰিব জিলা প্ৰশাসনে ।

উক্ত অনুষ্ঠানতে তিনিচুকীয়া জিলা উপায়ুক্ত নাৰছিং পৱাৰে পথ সুৰক্ষা , পৰিয়াল পৰিকল্পনাৰ লগতে অনাগত দিনত অসমৰ গ্ৰামাঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ হকে সকলোকে কাম কৰি যাবলৈ আহ্বান জনায় ।