বাঘজানৰ ব্ল' আউট সংঘটিত হৈ ধ্বংস হৈ যোৱা BGN5 নং  অইল খাদত দুলিয়াজান অইলে গছ পুলি ৰোপন কাৰ্য্যসূচী ৰূপায়ণ কৰে  ।

অইল ইণ্ডিয়া লিমিটেডে নিজৰ কাৰ্য্যকৰী অঞ্চল সমূহত প্ৰায়ে পৰিবেশ পুনৰোদ্ধাৰৰ বাবে কাম কৰা দেখা যায় ।

ইয়াৰে অংশ স্বৰূপে শুক্ৰবাৰে বাঘজান অইল খাদত দুলিয়াজান অইল বিত্ত বিভাগৰ হৰিশ মাধৱ আৰু অইল অপাৰেচন বিভাগৰ সঞ্চালক পংকজ কুমাৰ গোস্বামীয়ে বিভিন্ন গছৰ পুলি ৰোপন কৰে ।

উল্লেখযোগ্য যে বাঘজানৰ BGN5 নামৰ তেল খাদটোত হোৱা ব্ল' আউটৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈ এটা বৃহৎ অঞ্চল জু‌ইত জ্বাহ গৈছিল ।