Minister Jayanta Malla Baruah Reaction over AVBP Protest 

ABVP য়ে নিজৰ দাবী জনাইছে ।

AVBP এটা স্বতন্ত্ৰ সংগঠন তেওঁলোকে নিজৰ মত জনাব ।

চৰকাৰেও নিজৰ মত জনাইছে ।

মঙলদৈত উপস্থিত হৈ এনেদৰে কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

লগতে নাগপুৰত যোৱাৰ কাৰণো ব্যাখ্যা কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

*নিজৰ ছোৱালীৰ নামভৰ্ত্তি কৰিবলৈহে নাগপুৰত যোৱা বুলি উল্লেখ কৰে* ।

নাগপুৰত যোৱাটোকলৈ নিউজ ওলোৱা কথাকলৈ মন্ত্ৰী গৰাকীয়ে কয় যে অসমৰ সংবাদ মাধ্যমত এনেকুৱা কথা ওলাইয়ে থাকে ।

দৰঙত হব লগীয়া দক্ষতা বিকাশ বিশ্ববিদ্যালয় আন্তঃগাঁঠনি কি পৰ্য্যায়ত আছে সেইয়া বুজে লোৱাৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি সমূহ পৰ্যবেক্ষণ কৰিবলৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত হৈ এই কথা উল্লেখ কৰে ।

লগতে দৰঙত বহু অঞ্চলত আৰ্চেনিক যুক্ত পানী থকাৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ এই বিষয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা, বিধায়ক বসন্ত দাস, পৰমানন্দ ৰাজবংশী, মজিবুৰ ৰহমান, দুৰ্গদাস বড়ো ৰ লগতে দৰঙৰ উপায়ুক্তৰ সৈতে আলোচনাত মিলিত হয় ।