ৰাজ্যৰ সমান্তৰালকৈ দৰং জিলাটো আৰম্ভ হৈছে ক'ভিডৰ প্ৰাদুৰ্ভাৱ।
আজিৰ দিনটোত জিলাখনত ১৬ জন লোকৰ শৰীৰত ধৰা পৰিছে ক'ভিড ১৯ ৰ উপস্থিতি।
পহিলা জুলাইৰ পৰা আজিলৈকে জিলাখনৰ ৬১ জন লোক আক্ৰান্ত হৈছে ক'ভিডত। ৫৯ জন আক্ৰান্ত নিজ ঘৰতেই আচুতীয়াকৈ থকাৰ বিপৰীতে ২ জন ইতিমধ্যে সুস্থ হৈ উঠিছে।
দৰঙবাসী ৰাইজক সকলো ধৰণৰ ক'ভিড বিধি মানি চলিবলৈ আহ্বান জনাইছে দৰং জিলা স্বাস্থ্য বিভাগে।