গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে পালন কৰা এক অন্যতম উৎসৱ হৈছে "তীজ উৎসৱ"। দুদিনীয়াকৈ পালন কৰা এই উৎসৱক "হৰিতালিকা তীজ" বুলিও কোৱা হয়। গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে পৰম্পাৰগতভাৱে পালন কৰি আহিছে এই তীজ উৎসৱ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ আমগুৰিতো অতি উলহ-মালহেৰে গোৰ্খা সম্প্ৰদায়ৰ মহিলা সকলে উৎযাপন কৰে তীজ উৎসৱ ৷ এই উৎসৱৰ প্ৰধান বৈশিষ্ট্য স্বৰূপে উৎসৱৰ পহিলা দিনটোত বিভিন্ন স্থানত বিবাহ পাশত আৱদ্ধ হৈ যোৱা বিবাহিত মহিলাসকলক নিজৰ পৰিয়ালৰ লোকে স্বামীগৃহৰ পৰা মাতৃগৃহলৈ লৈ আনি বিভিন্ন খাদ্যৰে আপ্পায়ন কৰোৱাৰ লগতে নৃত্য গীতেৰে এক আনন্দ মুখৰ পৰিৱেশৰে মহা আয়োজন কৰে আৰু দ্বিতীয় দিনা এই গোৰ্খা মহিলা সকলে হৰিতালিকা ব্ৰত পালন কৰে ৷ এই ব্ৰত অনুযায়ী পুৱাৰে পৰা মহিলা আৰু যুৱতীসকলে এটুপি পানীও নোখোৱাকৈ দেবাদিদেৱ শিৱৰ আৰধনা কৰি পূজা-অৰ্চনা কৰি পৰিয়ালৰ লগতে নিজৰ স্বামীৰ মংগল কামনা কৰে ৷ মাতৃগৃহলৈ অহা মহিলাসকলে দিনটো তীজ গীত গায় নৃত্য কৰি আনন্দ কৰা দেখিবলৈ পোৱা যায় ।

আনহাতে, যুৱতীসকলে উপযুক্ত বৰ তথা স্বামী লাভৰ বাবে এই ব্ৰত পালন কৰাৰ পৰম্পৰা চলি আহিছে বুলি জানিবলৈ দিছে ফিলবাৰীৰ গোৰ্খা সমাজে ৷ মূলতঃ নাৰীসকলে পুৰুষৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰি পালন কৰা এক উৎসৱ হৈছে এই তীজ উৎসৱ ৷ তিনিচুকীয়া জিলাৰ ফিল'বাৰী আমগুৰি গাঁৱত আমগুৰি স্বস্তি সেৱক যুৱক সংঘ আৰু স্বস্তি সেৱিকা মহালক্ষ্মী মহিলা সমিতিৰ উদ্যোগত অতি উলহ-মালহেৰে তীজ উৎসৱ উৎযাপন কৰে ।