অসম যুৱ অলিম্পিক

ভাবোত্তোলনত সর্বোচ্চ পদকৰে উজ্বলিল চৰাইদেউ জিলা

 ২৩ জুলাইৰ পৰা ২৭ জুলাইলে গুৱাহাটীত অনুষ্ঠিত অসম যুৱ অলিম্পিক ভাবোত্তোলন প্রতিযোগিতাত চৰাইদেউ জিলা ভাৰোত্তোলন প্রশিক্ষণ কেন্দ্ৰ প্রশিক্ষার্থীয়ে ৭ টা সোণ, ২ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদক লাভ কৰি চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে চৰাইদেউবাসী। ভোগেশ্বৰী ফুকননী ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত ভাবোত্তোলন প্রতিযোগিতাত পদক লাভ কৰা চৰাইদেউ জিলা ভাৰোত্তোলন প্রশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থী সকল হল ক্ৰমে ছোৱালীৰ ৪০ কে জি শাখাত চিত্রপ্রভা চেতিয়া (সোন), লৰাৰ ৪৯ কে জি শাখাত চান চন্দ্ৰ বনিয়া (ৰূপ), লৰাৰ ৫৫ কে জি শাখাত চন্দন খনিকৰে (সোন) ছোৱালীৰ ৪৯কে জি শাখাত ভাৱনা গমেয়ে(ব্ৰঞ্জ), লৰাৰ৬৭ কে জি শাখাত দেৱজিৎ সিঙে((ৰূপ), ছোৱালীৰ ৫৫ কে জি শাখাত টুটুমনি খাটুৱাল (সোন), ছোৱালীৰ ৫৯ কে জি শাখাত ঋজুমনি খাটুৱাল (সোন) ছোৱালীৰ ৬৪কে জিশাখাত দিপিকা চেতিয়া (ব্ৰঞ্জ),লৰাৰ ৮১ কে জি শাখাত বুলেন বাভা(সোন), লৰাৰ ৯৬কে জি শাখাত কপিল সোনোৱাল (সোন), ছোৱালীৰ ৭১ কে জি শাখাত জেবিন চুলতানা (ব্ৰঞ্জ), ছোৱালীৰ ৭৬ কে জি শাখাত আস্থা গগে(সোন), লৰাৰ ১০২কে জি উদ্ধ শাখাত হোমেন ফুকনে সোনৰ পদক লাভ কৰে। দলটোৰ সৈতে মুখ্য প্রশিক্ষক হিচাবে আন্তঃৰাষ্ট্ৰীয় প্রশিক্ষক অনুপ কোঁৱৰ,প্ৰশিক্ষক হিচাবে প্রাণজিৎ গগৈ,আইমনি গগে আৰু টিম মেনেজাৰ হিচাবে কেশর গগে গৈছিল। উল্লেখযোগ্য যে অসম যুৱ অলিম্পিকত চৰাইদেউ জিলাৰ পৰা অংশ গ্ৰহণ কৰি সাঁতোৰৰ ৫০,১০০ আৰু ২০০ মিটাৰ বেষ্ট স্ট্রিকত দিশা গগৈয়ে তিনিটা সোণৰ পদক, কাৰাটেত বক্তোৎপল বিকাশ চেতিয়াই সোনৰ পদক জুডো খেলত চিল্লাৰাণী টাপাদাব,বাহুল গগৈ,আশীষ আহমেদে ৰূপৰ পদক আৰু উন্মুক্ত মানব জ্যোতি সোনোৱালে ৰূপৰ পদক লাভ কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ভাবোত্তোলনত ৰাজ্যিক ভিত্তিত লৰাৰ শাখাত বিগত তিনিটা বর্ষ শ্রেষ্ঠ দলৰ সন্মান বুটলিবলৈ সক্ষম হোৱা চৰাইদেউ ভাবোত্তোলন প্রশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থীয়ে অসম যুব অলিম্পিকতটো বিজয় ধ্বস্থা উৰাবলৈ

সক্ষম হোৱাত চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা যোৰাহাট লোক সভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু অসম ভাৰোত্তোলন সন্থাৰ উপ সভাপতি তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উৎফুল্লিত হোৱাৰ লগতে পদক প্রাপক সমূহ খেলুৱৈক ধন্যবাদ জ্ঞাপন কৰিছে। অসম যুৱ অলিম্পিকলৈ চৰাইদেউ জিলাৰ চিফ দা মিচনৰ দ্বায়িত্ব লৈ অহা চৰাইদেউ জিলা ক্রীড়া সন্থাৰ সম্পাদক ইমদাদ হুছেইনে প্রদর্শন কৰা দ্বায়বদ্ধতাৰ বাবে জিলাখনৰ সমূহ খেলুৱৈ, প্রশিক্ষক আৰু টিম মেনেজাৰে হুছেইনক ধন্যবাদ জ্ঞাপন কৰিছে।