অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত অৰুণাচলৰ কাণুবাৰীত দুয়োখন ৰাজ্যৰ বৈঠক।

অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ অতিৰিক্ত উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হৈছে বৈঠক।

বৈঠকত উপস্থিত ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বৰা, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অৰুণাচল প্ৰদেশৰ কেবিনেট মন্ত্ৰী হনচুম নাংডাম, বিধায়ক গ্ৰেবায়েল ৱাংচু, টাংফু ৱাংনাও, অসম সৰ্বশিক্ষা অভিযানৰ মিছন সঞ্চালক ড° ওম প্ৰকাশ, চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱা, অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমানৰ লগতে দুয়োখন ৰাজ্যৰ প্ৰশাসনিক বিষয়া সকল।

উল্লেখ্য যে অসমৰ বৃহৎ এলেকাৰ ভুমি অৰুণাচল প্ৰদেশে বেদখল কৰা সন্দৰ্ভত বাতৰি প্ৰচাৰ হোৱাৰ পাছত আজি অনুষ্ঠিত বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে।