দক্ষিণ কামৰূপৰ বৃহত্তৰ সোণতলীত দুটা ফৈদৰ মাজত হোৱা ভয়ংকৰ মাৰপিটত ষাঠি বছৰৰ উৰ্ধ্বৰ এজন লোকৰ কৰুণ মৃত্যু হয়।

আনকি পুৰুষ-মহিলা সহ পোন্ধৰজনকৈ লোক কম বেছি পৰিমানে আহত হয়।

দুয়োটা ফৈদৰ আব্দুল বাৰেক, জৰিনা খাতুন, কৰিমন নেছা, ৰবিউল হুছেইন, আলী আকবৰ, আজাহাৰ আলী, আব্দুছ ছালাম, নায়েৱ আলী, ছফেৰ আলীসহ দহজন সম্প্ৰতি সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত আছে।

ইয়াৰে ৪জনৰ শাৰীৰিক অৱস্থা সম্প্ৰতি সংকটজনক। মাৰপিটত মৃত্যু হোৱা লোকজন সোণতলী সত্ৰ গাঁৱৰ চান্দু স্বেখ। 

চৰকাৰী ৰাস্তাৰ সীমা নিৰ্ধাৰণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই উত্তপ্ত পৰিস্থিতি পিছৰ ঘটনাৰ সৈতে জড়িত থকা পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।