মঙলদৈৰ ধূলা আৰক্ষীৰ অবৈধ ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত।

ধূলা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ড্ৰাগছৰ বিৰুদ্ধে চলাই এই অভিযান ৷

আৰক্ষীৰ অভিযানত জব্দ 150 টা কফ ছিৰাপ আৰু কেইবাটাও নিচাজাতীয় টেবলেট ৷

ধূলা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰায়ৰ নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰুধী অভিযান।

ধূলা আৰক্ষী থানাৰ অন্তৰ্গত চালিনীকুছীৰ পৰা আটক কৰে সৰবৰাহকাৰী দুজনক ৷

ধৃত সৰবৰাহকাৰী ব্যক্তিদুজন গাধোৱা চাপৰিৰ হাচিবুৰ ৰহমান আৰু বাঘপৰীৰ হামিদুৰ ৰহমান ৷

সৰবৰাহকাৰী দুজনৰ লগতে AS13P-9661 নম্বৰৰ স্কুটি এখনো জব্দ কৰে আৰক্ষীয়ে ৷

বৃহস্পতিবাৰে দিনৰ ভাগতো এজন লোকক ধূলা আৰক্ষীয়ে ২০ টা কন্টেইনাৰ আৰু 1.91 গ্ৰাম ড্ৰাগছ সহ আটক কৰিছিল ৷

ধূলা আৰক্ষীৰ জালত পৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী ৷

Byte - OC ধূলা