১৯২০ চন মাজুলীৰ বাবে আছিল এক ঐতিহাসিক বছৰ ৷ উক্ত বৰ্ষৰ শাওন মাহৰ শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমীৰ দিনটোত মাজুলীৰ প্ৰসিদ্ধ শ্ৰীশ্ৰী গড়মূৰ সত্ৰত প্ৰতিষ্ঠা হৈছিল গড়মূৰ বংশীগোপাল নাট্য মন্দিৰ ৷ গড়মূৰীয় বিপ্লৱী ধৰ্মগুৰু, সমাজ সংস্কাৰক, সংস্কৃতিৱান সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে প্ৰতিষ্ঠা কৰা এই মঞ্চতে অসম তথা বিশ্ব বিখ্যাত ৰাসলীলা আৰম্ভ কৰিছিল মহান সত্ৰাধিকাৰ গৰাকীয়ে ৷ সেই সময়ৰ সমাজৰ এলান্ধুকলীয়া বাধাক নেওচি মঞ্চৰ ৰাসত সহ অভিনয়ৰ সূচনাৰে ইতিহাস সৃষ্টি কৰিছিল ৷ যিটো মহান অনুষ্ঠানত ভাৰত ৰত্ন ড°ভূপেন হাজৰিকাক “সুধাকন্ঠ” উপাধি প্ৰদান কৰা হৈছিল ৷ সেই ইতিহাস বিজড়িত নাট্য মন্দিৰৰ ১০৩ সংখ্যক প্ৰতিষ্ঠা দিৱস অহা ১৯ আগষ্টত দিনজোৰা কাৰ্যসূচীৰে পালনৰ দিহা কৰা হৈছে ৷ সেইমৰ্মে পুৱা পৰিবেশ নিকাকৰণৰ পিছতে ৯ বজাত পতাকা উত্তোলন, স্মৃতি তৰ্পণ ৷ দিনৰ ১১ বজাৰ পৰা মাজুলী ভিত্তিত একক অভিনয় প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাত ৬ ৰপৰা ১৪ বছৰৰ ল’ৰা-ছোৱালী উভয়ে অংশগ্ৰহণ কৰিব পাৰিব ৷ প্ৰতিযোগী সকলে গুৰুজনাৰ অনুপম সৃষ্টি ভাওনাৰ বিভিন্ন নাটকৰ যিকোনো চৰিত্ৰ ৰূপায়ণ কৰিব পাৰিব ৷ প্ৰতিযোগীৰ বাবে অভিনয়ৰ সময় ৫ মিনিট ধাৰ্য কৰা হৈছে ৷ প্ৰতিযোগিতাত যোগদানৰ অন্তিম দিন ১৮ আগষ্টৰ সন্ধিয়া ৷ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপকক ক্ৰমে পাঁচ হাজাৰ, তিনি হাজাৰ আৰু দুই হাজাৰ নগদ ধনৰ লগতে নাট্য মন্দিৰৰ এটি স্মাৰক, মানপত্ৰ প্ৰদান কৰা হ’ব ৷ ৰাতি ৮ বজাত সত্ৰৰ যুৱতী সকলে পূৰ্বৰ পৰম্পৰা অনুসৰি নাট্য মন্দিৰত “শনিৰ প্ৰতিজ্ঞা পুৰণ, দুস্মন্ত-শকুন্তলাৰ পুনৰ মিলন” নাট পৰিবেশন কৰিব ৷ নাট পৰিচালনা- ধীৰেন বৰঠাকুৰ, লক্ষ্য গায়ন আৰু জিতু দত্ত ৷ একক অভিনয় প্ৰতিযোগিতাত যোগদানৰ বাবে ইচ্ছুক প্ৰতিযোগীয়ে ৮৪৭২৮৭২৩৮৭, ৬০০০০৪২৫৬৩, 9435870769 আৰু ৭০০২৬৫৮৬৫০ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ঋণ লোৱাসকলৰ বাবে বেয়া খবৰ, RBIৰ ৰেপো ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধি কৰি ৫.৪০%
◾ৰাজ্যপাল শক্তিকান্ত দাসৰ নেতৃত্বত আৰ বি আইৰ মুদ্ৰানীতি সমিতিয়ে শুকুৰবাৰে ৰেপো ৰেট ৫০ বেছিছ...
हाजो शहर में महिला को नौकरी का झासा देकर कार में किया सामूहिक दुष्कर्म, मामले में 9 लोग गिरफ्तार
असम के हाजो शहर में एक महिला के साथ सामूहिक दुष्कर्म के आरोप में पुलिस ने 9 लोगों को गिरफ्तार...
নিজ বাসগৃহত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ , কিন্তু ক’ত ?
নিজ বাসগৃহত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ ৷ খুমটাই বৰুৱাগাঁৱত এগৰাকী অৱসৰপ্ৰাপ্ত চি আই...
કોંગ્રેસ દ્વારા અપાયેલા બંધના એલાનમાં જામજોધપુર સજ્જડ બંધ
કોંગ્રેસ દ્વારા અપાયેલા બંધના એલાનમાં જામજોધપુર સજ્જડ બંધ