মৰাণ জনজাতিৰ সমূহ স্নাতক আৰু উচ্চতৰ মাধ্যমিক উত্তীর্ণ ছাত্র-ছাত্রীসকলৰ জ্ঞাতাৰ্থে জনোৱা যায় যে, BANKING, SSC, Railway, OIL, TET ইত্যাদিৰ লগতে যিকোনো Govt. চাকৰিৰ বাবে অনুষ্ঠিত বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাত অৱতীর্ণ হবৰ বাবে সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত তথা তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত ছমহীয়া বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।
• উক্ত প্ৰশিক্ষণৰ বাবে ইচ্ছুক ছাত্র-ছাত্রীসকলে অনলাইনযোগে আবেদন কৰিব পাৰিব ।
• অনলাইন আবেদনৰ লিংক https://forms.gle/z2d8SGvgekekYy54A
• এই প্রশিক্ষণ উচ্চতৰ মাধ্যমিক উত্তীর্ণ, স্নাতক অধ্যয়নৰত আৰু স্নাতক ছাত্ৰ-ছাত্ৰীসকলৰ বাবেহে প্রযোজ্য।
• এই প্রশিক্ষণ তিনিচুকীয়াত প্ৰদান কৰা হব ।
• অনলাইন আবেদন ২৬ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰ ২০২২ লৈ উপলব্ধ হব।
• বাছনি পৰীক্ষাৰ তাৰিখ আৰু স্থান পৰৱৰ্তী সময়ত অৱগত কৰোৱা হব।
• এক লাখ টকাতকৈ কম বার্ষিক আয় থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকলক অগ্রাধিকাৰ দিয়া হব ।
• এই প্রশিক্ষণ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে প্ৰদান কৰা হব। কিন্তু, কেৱল অনলাইন প্রশিক্ষণ নিম্নোল্লেখিত ছাত্র-ছাত্রী সকলেহে লাভ কৰিব –
o তিনিচুকীয়া জিলাৰ বাহিৰত অধ্যয়ণৰত অথবা বসবাস কৰা হব লাগিব ।
o তিনিচুকীয়া চহৰৰ পৰা নুন্যতম ১৫ কি.মি. আঁতৰত থকা মহাবিদ্যালয়ত অধ্যয়ণৰত হব লাগিব
o বিশেষভাৱে সক্ষম ছাত্র-ছাত্রী সকলৰ বাবে।
• সমিতিৰ দ্বাৰা নিৰ্ধাৰিত সকলো নীতি-নিয়ম ছাত্র-ছাত্রীসকলে মানি চলিব লাগিব ।
সবিশেষ তথ্যৰ বাবে যোগাযোগ কৰক -
Sri Joykanta Moran, 8876240550
Sri Nayanjyoti Moran, 8822442668
Mridul Dohutia 7896248547
Prohlad Borah 9365166809