কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদে শুকুৰবাৰে দলৰ প্ৰাথমিক সদস্যপদকে ধৰি সকলো পদৰ পৰা পদত্যাগ কৰে। পদত্যাগৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ নীতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰি অহা গোলাম নবী আজাদেই ইতিমধ্যেই জম্মুত দলে দিয়া দায়িত্বৰ পৰা পদত্যাগ কৰিছিল।

গোলাম নবী আজাদে কংগ্ৰেছ দলৰ সভানেত্ৰী ছোনিয়া গান্ধীলৈ পাঁচ পৃষ্ঠাৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।

ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত গোলাম নবী আজাদে লিখে, ‘অতি দুখ আৰু অতি আৱেগিকভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে মোৰ দীৰ্ঘকালীন পুৰণি সম্পৰ্ক ভংগ কৰাৰ সিদ্ধান্ত লৈছো’।

পদত্যাগ পত্ৰত আজাদে ৰাহুল গান্ধীকো তীব্ৰ সমালোচনা কৰা দেখা যায়।