নতুন দিল্লী, ২৬ আগষ্ট। ৰাহুল গান্ধীৰ ওপৰত অসন্তুষ্ট হৈ কংগ্ৰেছ ত্যাগ জ্যেষ্ঠ কংগ্ৰেছী নেতা গুলাম নবী আজাদৰ। ১৯৭০ ৰ দশকৰ পৰা দলটোক সেৱা আগবঢ়াই অহা আজাদ অৱশেষত আজাদ হ'ল কংগ্ৰেছৰ পৰা। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে সাজু হোৱা কংগ্ৰেছলৈ ই এক মোক্ষম আঘাত। আজাদে শুকুৰবাৰে সকলো দলীয় পদৰ পৰা পদত্যাগ কৰিছে। তেওঁ কংগ্ৰেছৰ দুৰ্দশাৰ বাবে প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক দোষাৰোপ কৰি দলৰ সকলো পদ আৰু প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছে। আজাদে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীলৈ ৫ পৃষ্ছাজোৰা এক পত্ৰ প্ৰেৰণ কৰি তেওঁৰ পদত্যাগ কৰিছে। 

কিছুদিনমান পূৰ্বে জম্মু-কাশ্মীৰ কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ অধ্যক্ষ হিচাপে মনোনীত হৈছিল আজাদ। লক্ষণীয়ভাৱে তাৰ ঠিক পিছতে পিছতে তেওঁ পদত্যাগ কৰিছে। ৰাজ্যসভালৈ প্ৰেৰণ নকৰাৰ বাবে কংগ্ৰেছৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিয়েই হয়তো এই পদত্যাগ আজাদৰ। উল্লেখ্য় যে আজাদ হৈছে জি-২৩ গোটৰ মুৰব্বী।

ছোনিয়া গান্ধীলৈ লিখা এখন পত্ৰত আজাদে কয় যে তেওঁ ১৯৭০ ৰ দশকৰ পৰা দলটোক সেৱা আগবঢ়াই আহিছে। কিন্তু ২০১৩ চনত ৰাহুল গান্ধী দলৰ উপ-সভাপতি হোৱাৰ পিছৰে পৰা দলটোৰ সমগ্ৰ কৰ্মশৈলী নষ্ট হৈ গৈছে। ৰাহুলে দলৰ জ্যেষ্ঠ নেতাসকলক কাষত ৰাখি ৰণকৌশল ৰচিছে আৰু নেতাসকলে দলটো দখল কৰিছে। দলটো ৰাহুল আৰু তেওঁৰ নৱাগত নেতাসকলৰ দ্বাৰা পৰিচালিত হ'বলৈ আৰম্ভ কৰিছিল। ৰাহুল গান্ধীৰ নেতৃত্বত দলটোৰ অৱস্থা অধিক বেয়া হৈ আহিছে। আজাদৰ ৫ পৃষ্ঠাৰ দীঘলীয়া পত্ৰখনত তেওঁ দলটোৰ বিৰুদ্ধে বিভিন্ন আৰু গুৰুতৰ অভিযোগ উত্থাপন কৰে আৰু দলটোৰ সৈতে তেওঁৰ ৫০ বছৰ পুৰণি সম্পৰ্ক ছেদ কৰে।

ইফালে ছোনিয়া গান্ধীক তেওঁ প্ৰশংসা কৰি পত্ৰখনত লিখিছিল যে ছোনীয়াই দলটোক সঠিক আৰু কাৰ্যকৰী নেতৃত্ব প্ৰদান কৰিছে। কিন্তু ৰাহুল গান্ধীৰ শিশুসুলভ কাৰ্যই প্ৰধানমন্ত্ৰীৰ সন্মানীয় পদৰ ক্ষতি কৰে। যাৰ ফলত ২০১৪ চনত কংগ্ৰেছ পৰাজিত হয়। গান্ধী পৰিয়ালক সমালোচনা কৰি আজাদে কয় যে ছোনিয়া গান্ধীৰ নেতৃত্বত আৰু ৰাহুল গান্ধীৰ তত্বাৱধানত দলটোৱে ২০১৪ চনৰ পৰা দুটা লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল আৰু ২০১৪ ৰ পৰা ২০২২ চনৰ ভিতৰত অনুষ্ঠিত ৪৯ খন বিধানসভা নিৰ্বাচনৰ ভিতৰত কংগ্ৰেছে ৩৯ খনত পৰাজিত হৈছিল।