যোৱা ৯ আগষ্ট ২০২২ তাৰিখে আলফা স্বাধীন আৰু NSCN এটা দলে অৰুণাচল প্ৰদেশৰ ভাৰত ম্যানমাৰ সীমান্তত থকা পাংচোপাছৰ অসম ৰাইফলৰ সেনা ছাউনীত আক্ৰমণ কৰিছিল। উক্ত আক্ৰমণৰ সময়ত সেনাই দিয়া প্ৰত্যুত্তৰত আলফাৰ চাৰ্জেন্ত মেজৰ এয়ংকুখ অসম উৰফে জুচিন্ত মৰাণ গুলিবিদ্ধ হৈ আঘাতপ্ৰাপ্ত হৈছিল । আৰু আজি পোৱাৰ ভাগত অহা আলফা স্বাধীন সেনাধ্যক্ষ পৰেশ বৰুৱাৰ স্বাক্ষৰিত প্ৰেছ বিজ্ঞপ্তি জৰিয়তে উক্ত আলফা স্বাধীন সদস্য গৰাকী মৃত হোৱাৰ বাতৰি লাভ কৰাৰ পিছতেই ধলা হাঁহ খাঁটিৰ মালভোগ গাঁওত শোকাকুল পৰিৱেশ সৃষ্টি হৈছে।

ঘৰৰ পিতৃ মাতৃ আৰু পৰিয়াল স্বজনে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কাতৰ আহ্বান কৰি জনাইছে যে আলফা স্বাধীন চাৰ্জেণ্ট মেজৰ ইয়াংকুশ অসম উৰফে যুচিন্ত মৰাণৰ মৃতদেহটো হলেও যিকোনো প্ৰকাৰে ঘৰলৈ পঠাই দিব লগে। পৰিয়ালৰ শেষ আশা যোৱা ১ বহাগ ২০১৬ তাৰিখৰ পৰা নিৰুদিস্থ হৈ থকা পৰিয়ালৰ সৈতে কোনো যোগাযোগ নথকা আলফাৰ মৃত সদস্য গৰাকীৰ শৱ দেহটো হলেও শেষবাৰলৈ চাব পাৰে। লগতে মৰাণ সমাজৰ ধৰ্মীয় নীতি সমূহ পালন কৰি অন্তিম যাত্ৰাৰ বাবে বিদায় জনাব পাৰে। উল্লেখ্য যে আলফা স্বাধীনে আলফা স্বাধীন চাৰ্জেণ্ট মেজৰ ইয়াংকুশ অসম উৰফে জুচিন্ত মৰাণক সদস্য গৰাকীৰ ত্যাগৰ বাবে অমৰ মৃতক ঘোষণা কৰিছে।