সংকটত অসমৰ চাহ উদ্যোগ। লীজত দিব অসম চাহ নিগমৰ বহু কেইখন চাহ বাগিচা। তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে শ্ৰমিকৰ মাজত।
সোণাৰি, ২৮ জুলাই : অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত অসম চাহ নিগম লিমিটেডৰ অধীনস্থ বহু কেইখন চাহ বাগিচা লীজত দিব বিচৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। মন কৰিবলগীয়া যে ১৯৭২ চনতে গঠন হোৱা অসম চাহ নিগমৰ অধীনৰ ১৫ খন চাহ বাগিছা এতিয়া গভীৰ সংকটৰ গৰাহত। তীব্ৰ লোকচানৰ সন্মুখীন হোৱা চাহ নিগমে দীৰ্ঘদিন ধৰি বাগিচাসমূহৰ শ্ৰমিক-কৰ্মচাৰীসকলৰ ভৱিষ্যনিধিৰ ধনো জমা কৰিব পৰা নাই। আনহাতে প্ৰতিবছৰে চাহ নিগমৰ লোকচানৰ পৰিমাণ বাঢ়ি অহাত অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিছে চাহ বাগিচাসমূহ। যাৰ ফলত নিগমৰ অধীনৰ ১৫ খন চাহ বাগিচাৰ ভিতৰত অধিকাংশ বাগিচাকেই এতিয়া লীজত দিয়া হ'ব বুলি চৰ্চা আৰম্ভ হৈছে। মন কৰিবলগীয়া যে লীজত দিবলগীয়া বাগিচাকেইখনৰ ভিতৰত চৰাইদেউ জিলাৰ ডিপ্লিং চাহ বাগিচাৰ নামো অন্তৰ্ভূক্ত আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ডিপ্লিং চাহ বাগিচাৰ শ্ৰমিকৰ মাজত। ফলত আশংকাৰ সন্মুখীন হৈছে শ্ৰমিকসকল। অনাদায়কৃত ভৱিষ্যনিধিৰ ধন তথা আনুসংগিক ধন আদায় দিয়াৰ পাছতহে বাগিচাখন লীজত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় শ্ৰমিকসকলে।