- Dhemaji - Anti corruption arrested DTO office employ

: ধেমাজি জিলা পৰিবহণ বিভাগৰ কাৰ্য্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷ অভিযানত জিলা পৰিবহন প্ৰাধিকাৰী শাখাৰ জ্যেষ্ঠ সহায়ক গোবিন বৰদলৈক গ্ৰেপ্তাৰ। ই-ৰিক্সা ডিলাৰৰ ট্ৰেড লাইচেন্স নবীকৰণৰ বাবে দাবী কৰা ধন গ্ৰহণ কৰাৰ সময়তে গোবিন বৰদলৈক গ্ৰেপ্তাৰ ৷ ধেমাজি ডি টি অ’ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক গোবিন বৰদলৈক আজি অসম দুৰ্নীতি নিবাৰক আৰু নিৰীক্ষণ বিভাগৰ দলে উৎকোচ লোৱাৰ সময়ত হাতে-লোটে গ্ৰেপ্তাৰ কৰে ৷ 

উল্লেখ্য যে শোণিত দাস নামৰ এজন ই-ৰিক্সা ডিলাৰৰ স্বত্বাধিকাৰীৰ অভিযোগৰ ভিত্তিত আজি গোবিন বৰদলৈক গ্ৰেপ্তাৰ কৰে ৷ দুৰ্নীতি নিবাৰকৰ দলটোৱে ধৃত বৰদলৈৰ ঘৰতো অভিযান চলায় ৷ অভিযানৰ অন্তত ধৃত বৰদলৈক গুৱাহাটীস্থ কাৰ্যালয়লৈ লৈ যায় ৷