২৯,৩০ আগষ্টত নিশ্চিত হ'ব মহাসংঘৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠৰ দিন

---------------------------

বিদেশীৰ ভিত্তি বছৰ, নাগৰিকপঞ্জীৰ ভিত্তি বছৰ, বিদেশীৰ সন্তানৰ নাগৰিকত্ব ইত্যাদি বিভিন্ন বিষয়ৰ চূড়ান্ত সিদ্ধান্ত হ'ব 

-----------------------

ছুপ্ৰিম কৰ্টৰ মুখ্য ন্যায়াধীশ নুথালাপতি ভেংকট ৰামানাই সাংবিধানিক বিচাৰপীঠত দীৰ্ঘদিন ধৰি বিনা বিচাৰে পৰি থকা ৪৮৮ টা গুৰুত্বপূৰ্ণ গোচৰৰ ক্ষীপ্ৰ শুনানী গ্ৰহণ কৰা বিষয়ত সিদ্ধান্ত লৈ ২৯ আগষ্টৰ পৰা মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত শুনানী লৈ একে বিষয়ৰ গোচৰবোৰ সংলগ্ন কৰা, চমু প্ৰতিবেদন দাখিল কৰা আৰু শুনানী কিমান দিন ধৰি হ'ব সেয়া ঠিৰাং কৰিব ।

উল্লেখযোগ্য যে ছুপ্ৰিম কৰ্টৰ প্ৰচাৰিত তালিকাত ৬ নম্বৰত অসম সন্মিলিত মহাসংঘৰ ৫৬২/২০১২ নং গোচৰটো অন্তৰ্ভুক্ত হৈছে বুলি গোগামুখত স্থানীয় সাংবাদিক সকলক কয় মহাসংঘৰ কাৰ্যকৰী সভাপতি তথা প্ৰধান গোচৰীয়া মতিউৰ ৰহমানে । অহা ২৬ আগষ্টত মুখ্য ন্যায়াধীশ ৰামানাই অৱসৰ গ্ৰহণ কৰিব আৰু ২৭ আগষ্টত ন্যায়াধীশ উদয় উমেশ ললিতে মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰিব । মুখ্য ন্যায়াধীশ ললিতৰ বিচাৰপীঠত ২৯ আগষ্টৰ পৰা শুনানী অনুষ্ঠিত হ'ব । ৪১টা প্ৰধান আৰু সংযোগী ৩০১ টা গোচৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত আছে । ৭ টা প্ৰধান আৰু সংযোগী ৪ টা গোচৰ ৭ জনীয়া সাংবিধানিক বিচাৰপীঠত আছে । ৫ টা প্ৰধান আৰু ১৩০ টা সংযোগী গোচৰ ৯ জনীয়া সাংবিধানিক বিচাৰপীঠত আছে ।

২০১৮ চনৰ ১১ মে'ত ছুপ্ৰিম কৰ্টত অনুষ্ঠিত হৈ যোৱা ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে মহাসংঘ আৰু সংলগ্ন গোচৰবোৰৰ সম্পূৰ্ণ শুনানীৰ বাবে ২০/২৫ দিন লাগিব বুলি ঠিৰাং কৰা আছে আৰু সকলো পক্ষৰ পৰা চমু প্ৰতিবেদনো গ্ৰহণ কৰি থৈছে । সেয়ে মহাসংঘৰ গোচৰৰ ক্ষীপ্ৰ শুনানী চেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব বুলি মতিউৰ ৰহমানে আশা প্ৰকাশ কৰে । মহাসংঘৰ গোচৰত নাগৰিকপঞ্জীৰ ভিত্তি বছৰ ঠিৰাং হ'ব বুলিও ৰহমানে কয়।