বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত নাম্বাৰপাৰাত আজিও গৰাখহনীয়া অব্যাহত আছে।
বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত নাম্বাৰপাৰাত গৰাখহনীয়া অব্যাহত আছে।নাম্বাৰপাৰাৰ গৰাখহনীয়া হাজাৰ হাজাৰ কৃষিভূমি মানাহ নদীৰ বুকুত জাহ গৈ আছে আৰু ইতিমধ্যেই নাম্বাৰপাৰা এল পি স্কুল সম্পূৰ্ণ ৰূপে নদীৰ বুকুত জাহ গৈছে। স্থানীয় ৰাইজে ৩৪নং উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰক বাৰম্বাৰ অনুৰোধ কৰিছিল যদিও আজি লৈকে কোনো ধৰণৰ কাম কৰিৱলৈ সক্ষম হোৱা নাই।অতি সোনকালে এয়াৰ মোৰামতি কৰিৱলৈ চৰকাৰ আৰু জিলা প্ৰশাসনক অনুৰোধ কৰিছো।