সদ্য ঘোষিত অসম লোক সেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফলত ২৫ নং স্থান দখল কৰি সাফল্য অৰ্জন কৰিছে সুব্ৰত কেওঁতে । সুব্ৰত কেওঁতে ২০০৮ চনত মেট্ৰিক STAR MARKS পাইছিল আৰু ২০১০ চনত উচ্চতৰ মাধ্যমিকত অসমৰ ভিতৰত ১৯ নং স্থান দখল কৰিছিল । গহপুৰ মহকুমাৰ অন্তৰ্গত টেটুনবাৰীৰ নিবাসী প্ৰয়াত তুৱাৰাম গোহাঁইৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হৈছিল সুব্ৰত কেওঁতে আজিৰ এই সাফল্যই সমগ্ৰ গহপুৰ মহকুমা তথা টেটোনবাৰী অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে আনন্দৰ লহৰ উঠিছে প্ৰয়াত তুৱাৰাম গোহাঁইৰ পৰিয়ালটোৰ মাজত । গহপুৰ দৈনিক পৃষ্ঠা তৰফৰ পৰা তেওঁলৈ জনালো আন্তৰিক শুভকামনা ।