হাটশিঙিমাৰীত হঠাৎ উপস্থিত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী হঠাৎ উপস্থিত হয় অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা৷ সচিব গৰাকী জলপথৰে আহি পোনে পোনে হাটশিঙিমাৰী আৱৰ্তভৱনত উপস্থিত হয়৷ আৱৰ্তভৱনত সচিব গৰাকীৰ সভাপতিত্ব এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়৷ পৰ্যালোচনা বৈঠকত উপস্থিত থাকে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্ত পল্লবী সৰকাৰ, আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল, অতিৰিক্ত উপায়ুক্ত আৰু বিদ্যুৎ বিভাগৰ এ জি এম , এছ ডি ইৰ লগতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু অসম বিদ্যুৎ গ্ৰীড নিগম লিমিটেডৰ অন্যান্য বিষয়াসকল৷ মুখ্য সচিব

গৰাকীয়ে এ ই জি চি এল আৰু এ পি ডি চি এলৰ সৈতে সমগ্ৰ শক্তি বিভাগৰ পৰ্যালোচনা কৰে৷ তেওঁ জিলাখনৰ বিভিন্ন এলেকাত ক্ষমতাৰ ক্ষেত্ৰত জিলাখনৰ ৰাজহ সংগ্ৰহৰ অৱস্থাৰ বুজ লয় আৰু তুলনামূলকভাৱে কম ৰাজহ সংগ্ৰহ কৰা ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ এজিএম আৰু এছডিই , এপিডিচিএলক নিৰ্দেশ দিয়ে বুলি জিলা প্ৰশাসনৰ ফালৰ পৰা এখন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰে যদিও সচিব গৰাকী সাংবাদিকৰ আগত কোনো ধৰণৰ মন্তব্য কৰা নাই৷