টকিঅ', ২৫ আগষ্ট। বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপৰ পৰা বাহিৰ হ'ল চাইনা নেহৱাল। প্ৰাক-কোৱাৰ্টাৰ ফাইনেলত ছাইনা থাইলেণ্ডৰ বুচানান অংবামৰুংফানৰ হাতত বৃহস্পতিবাৰে পৰাজিত হয়। মহিলা একক শ্ৰেণীৰ প্ৰাক-কোৱাৰ্টাৰ ফাইনেলত অংবামৰুংফানে ছাইনাক ২১-১৭, ১৬-২১, ২১-১৪ ব্যৱধানত পৰাস্ত কৰে।

মঙলবাৰে হংকঙৰ চেউং নগান য়িৰ বিৰুদ্ধে পোনপটীয়া ছেটত বিশ্বৰ প্ৰাক্তন এক নম্বৰ খেলুৱৈ নেহৱালে জয়লাভ কৰি বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপ দখল কৰিছিল। লণ্ডন অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী গৰাকীয়ে দ্বিতীয় ৰাউণ্ডৰ প্ৰতিদ্বন্দী নোজোমি ওকুহাৰাৰ পিছত প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ পিছত ৰাউণ্ড অফ ১৬ লৈ অগ্ৰসৰ হয়।