অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি মাজুলী জিলা প্ৰশাসনে অহা ০৬ ছেপ্টেম্বৰৰ পৰা ০৮ ছেপ্টেম্বৰ, ২০২২ লৈ তিনি দিনীয়াকৈ মাজুলী জিলা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে । এই প্ৰস্তুতিৰ অংশ হিচাপে আজি উপায়ুক্ত পুলক মহন্তৰ সভাপতিত্বত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এখন সভাত জিলা দিৱস উদযাপনৰ সকলো দিশ সামৰি বিতং ভাৱে আলোচনা কৰা হয়। উক্ত সভাত জিলা প্ৰশাসনৰ সকলো শীৰ্ষ বিষয়া, আৰক্ষী অধীক্ষক , বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ সকল, জিলা সাংবাদিক সন্থা, জিলা ক্ৰীড়া সন্থা, জাতীয় সংগঠন, বেচৰকাৰী সংগঠন আৰু জিলাখনৰ অগ্ৰণী ব্যক্তি সকল উপস্থিত থাকে।  

জিলা উপায়ুক্ত জিলাখনৰ সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় অনুষ্ঠান - প্ৰতিষ্ঠান ,চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান, সংঘ, সত্ৰ, নামঘৰ, সংস্থা, সংগঠন সকলোকে স্বতঃস্ফুৰ্ত ভাৱে উলহ মালহেৰে অহা ৬ ছেপ্টেম্বৰৰ পৰা ৮ ছেপ্টেম্বৰলৈ জিলা দিৱস উদযাপনৰ অংশ স্বৰূপে বিভিন্ন কাৰ্যসূচী গাঁওয়ে ভূঁঞে অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰিও জিলা দিৱস উদযাপনৰ দিন কেইটাত জিলা খনৰ সকলো সত্ৰ, নামঘৰত, মন্দিৰত বন্তি প্ৰজ্বলন ও নামপ্ৰসঙ্গ অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে I অহা ৬ ছেপ্টেম্বৰৰ জিলা দিৱস উদযাপনৰ এই তিনি দিনীয়া কাৰ্যসূচীৰ অধীনত পূৱা ৭ বজাত চাফাই অভিযান, ১০ বজাত পতাকা উত্তোলন তথা খণ্ড উন্নয়ন কাৰ্যালয় পৰ্য্যায়ত আৰু অংগনবাড়ী কেন্দ্ৰৰ দ্বাৰা বিভাগীয় কাৰ্যসূচীৰ ৰূপায়ন কৰা হ'ব লগতে অন্যান্য চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদিতো বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হব। ৭ ছেপ্টেম্বৰ পূৱা ১০ বজাত শিক্ষানুষ্ঠান সমূহৰ দ্বাৰা বিজ্ঞান আৰু কলা শিল্পৰ প্ৰৰ্দশনী কৰা হ'ব I ১১ বজাত জিলা ক্ৰীড়া বিভাগৰ দ্বাৰা পৰম্পৰাগত খেল ধেমালি আৰু বিভাগীয় কাৰ্যসূচী সমূহ পালন লগতে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ দ্বাৰা ৰক্ত দান শিবিৰ আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হব I ১১.৩০ বজাত বনগাওঁত “আমাৰ মাজুলী”ৰ অধীনত এখন সভা অনুষ্ঠিত হব । ৮ ছেপ্টেম্বৰত পূৱা ১০.৩০ বজাত কেন্দ্ৰীয়ভাৱে সাংস্কৃতিক শোভাযাত্ৰা, ১১ বজাত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন , অমৃত সৰোবৰ আচঁনি শুভ উদ্বোধন, ৰক্ত দান শিবিৰ ও স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হৈছে।দুপৰীয়া ১২.৩০ বজাত এখন মুকলি সভা অনুষ্ঠিত কৰা হ'ব। লগতে ২.৩০ বজাত সাংস্কৃতিক কাৰ্যসূচী, ৪ বজাত ভাওনা আৰু ৬ বজাৰ পৰা সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বাসভৱন, অংগনবাড়ী কেন্দ্ৰ, নামঘৰ আদি আলোকিত কৰা হ'ব।