গোলাঘাট ২৫ আগষ্টঃ গোলাঘাট জিলাৰ ৰঙাগড়া বাগিচা প্ৰাথমিক বিদ্যালয়ৰ কেইবা গৰাকী ছাত্ৰ-ছাত্ৰী কালি অচিন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ'বলগীয়া হোৱাৰ পাছত আজি কাষৰীয়া ,বৰবাম বনুৱা প্ৰাথমিক বিদ্যালয়ৰ ৮ জন আৰু ৰঙাগড়া ঘোগৰাম মধ্য ইংৰাজী বিদ্যালয়ৰ২৫গৰাকী ছাত্ৰ ছাত্ৰীও আক্ৰান্ত হোৱাত অঞ্চলটোত এক আতংকৰ ময় পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা অনুসৰি ইয়াৰে ১০জনক চিকিৎসালয়ত ভৰ্তী কৰিব লগা পৰিস্থিতিৰ হৈছে। ৰঙাগড়া বাগিছা প্ৰাথমিক বিদ্যালয়ত কালি হঠাৎ বাৰ গৰাকী শিক্ষাৰ্থী অচিন ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তী কৰিব লগা পৰিস্থিতি উদ্ভব হোৱাৰ পিচত আজি পুনৰ কাষৰীয়া দুখন বিদ্যালয়ৰ মুঠ ৮১গৰাকীকৈ ছাত্ৰ ছাত্ৰী এনে ৰোগত আক্ৰান্ত হৈ পৰিছে।অধিক ভাবে আক্ৰান্ত হোৱা১গৰাকী ছাত্ৰী ক উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিটেল লৈ স্থানান্তৰ কৰাৰ বিপৰিতে ৯গৰাকী ছাত্ৰ ছাত্ৰীক গোলাঘাট কুশল কোৱৰ চিকিৎসালয়ত ভৰ্তী কৰা হৈছে। জ্বৰ, কাঁহ,কঁপনিৰ লগতে উশাহ-নিশাহত কষ্ট পাই তিনিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী গুৰুত্বৰ ভাবে অসুস্থ হৈ পৰাত শিক্ষক অভিভাৱক সকল চিন্তিত হৈ পৰিছে।

আজি গোলাঘাট জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শক ড'সমিৰণ বৰা,বোকাখাত কন্দীয় খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰুদ্ৰ শইকীয়াই বিদ্যালয় খনিত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে।গোলাঘাট চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ৰাবুল তুলি আৰু আটছা নেতা সঞ্জীৱ কুৰ্মীৰ সহিতে বহু বিষয় ববিয়াই অসুস্থ ছাত্ৰ ছাত্ৰী সকলক সাক্ষাৎ কৰে।উল্লেখ্য কালি পাঠদান চলি থকা অবস্থাতেই ছাত্ৰ-ছাত্ৰী কেইজন শ্ৰেণীকোঠাৰ ভিতৰতেই হৰ্থাৎ এনেদৰে অচিন ৰোগত আক্ৰান্ত হৈ ঢালি পৰাত বিদ্যালয় খনিত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।আক্ৰান্ত ছাত্ৰ-ছাত্ৰী কেইগৰাকীক শিক্ষক সকলে ততাতৈয়াকৈ কাষৰীয়া ৰঙাগড়া চাহ বাগিচা চিকিৎসালয়ত ভৰ্তি কৰে।চিকিৎসক নথকা চিকিৎসালয় খনিত চিকিৎসা কৰ্মী সকলে তৎপৰতাৰে চিকিৎসা সেৱা আগবঢ়ায়।চিকিৎসা কৰ্মী সকলৰ মতে পুষ্টিহীনতাত ভূগাৰ ফলতেই ছাত্ৰ-ছাত্ৰীসকল এনেদৰে আক্ৰান্ত হোৱাৰ কথা জানিবলৈ দিয়ে। কিন্তু আজি পুনৰ এনে ধৰণৰ ৰোগতেই কাষৰীয়া দুখন বিদ্যালয়ত অনুৰূপ ৰোগত আক্ৰান্ত হৈ মুঠ ৮১ গৰাকী কৈ ছাত্ৰ ছাত্ৰী আক্ৰান্ত হোৱা কাৰ্য্যত সকলোকে স্তম্ভিত কৰি তুলিছে।আজি বিদ্যালয় কেইখনিত জিলা দণ্ডাধীশৰ লগতে এটি চিকিৎসকৰ দল উপস্থিত হৈ পৰিস্থিতি বুজ লয়।শিক্ষা বিষয়া সকলে বিদ্যালয় কেইখনিৰ ৰান্ধনী শালো পৰিদৰ্শন কৰে।