অসম বিধানসভা চৌহদত বাস কৰি থকা বিধায়ক সকলৰ বাবে বিপদ। সেই অনুসৰি বিধায়ক আৱাসলৈ পানী আৰু বিদ্যুৎ যোগান বন্ধ কৰিব পানী আৰু বিদ্যুৎ যোগান বন্ধ কৰিব অসম বিধানসভা সচিবালয়ে। 

অসম আৰ্হিৰ বিধায়ক আৱাস সমূহ ভাগি নতুনকৈ বিধায়ক আৱাস নিৰ্মান কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইমৰ্মে ১ আগষ্টৰ পৰা আৱাস সমূহ ভাগি দিয়া হব। ফলত ৩১ জুলাইৰ মাজনিশাৰ পৰা কৰ্তন হব পানী আৰু বিদ্যুৎ সংযোগ।

পূৰ্বেও আৱাস এৰাৰ বাবে বিধায়ক সকলক জাননী দিয়া হৈছিল যদিও আৱাস নেৰাৰ বাবেই অসম বিধানসভাৰ প্ৰধান সচিব হেমেন দাসে পুনৰ জাননী জাৰি কৰে।