মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ নতুন ভৱন উদ্বোধন।

চৰাইদেউ জিলাৰ সোনাৰি শিক্ষা খণ্ডৰ অন্তৰ্গত "মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়"ৰ এটি নৱ নিৰ্মিত ভৱন বৃহস্পতিবাৰে অনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । প্ৰায় ৫ লাখ টকা আৱন্টিত পুঁজিৰে নিৰ্মিত এই ভৱনটো উদ্বোধন কৰে বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক প্ৰণৱ গগৈয়ে । অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে বিদ্যালয়ৰ পৰিচালনা সমিতি সভাপতি সুনীল দাসে । এই উপলক্ষত বিদ্যালয়ত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত সভাপতিত্ব কৰে ৰাধু চৌধুৰীয়ে ৷ প্ৰধান শিক্ষক ব্ৰজেন চাংমাইয়ে আঁত ধৰা অনুষ্ঠানত মথুৰাপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষক দিপাংকৰ চেতিয়া, চি আৰ চি ৰজনী গগৈ, সমাজকৰ্মী প্ৰদীপ গগৈ,মুনিন ৰাজকোঁৱৰ আৰু সংবাদকৰ্মী প্ৰণৱ বৰগোহাঁই উপস্থিত থাকে ৷