কৰ'ণাৰ আতংকৰ বাবে বিগত দুই বছৰে বন্ধ হৈ থকা ৰাজ্যৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল আবাহন থিয়েটাৰে ২০২২-২৩ নাট্যবৰ্ষৰ বাবে সাজু হৈ উঠিছে।
মঙলবাৰে পাঠশালাত আবাহন থিয়েটাৰে পাঠশালাৰ ভাগৱতী ক্ষেত্ৰত নাট শুভাৰম্ভ কৰে।
আগন্তুক নাট্যবৰ্ষৰ বাবে তিনিখনকৈ মনোগ্রাহী নাট মঞ্চস্থ কৰিব আবাহন থিয়েটাৰে।
উল্লেখ্য যে নাটপ্ৰদৰ্শনৰ শুভাৰম্ভণি অনুষ্ঠানত বিশিষ্ট অভিনেতা ভৱেশ বৰুৱাক ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা প্ৰদান কৰে আবাহনৰ পৰিয়াল বৰ্গই।
নাট্যনিশাৰ মঞ্চ উদ্বোধন কৰে বজালী জিলাৰ উপায়ুক্ত কাবেৰী বি শৰ্মা আৰু বন্তি উজ্বলন কৰে বজালী জিলাৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰ দাসে।