সাপেখাতী ৰাজহ চক্ৰৰ সীমান্তৱৰ্ত্তী বালিজান গ্ৰাণ্টৰ ভূৱন নগৰত স্বাস্থ্য চিকিৎসা শিৱিৰ সম্পন্ন

সাপেখাতী ৰাজহ চক্ৰৰ সীমান্তৱৰ্ত্তী কানুবাৰী অঞ্চলৰ ভুৱন নগৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত সমাজকৰ্মী মিলনজ্যোতি চেতিয়াৰ উদ্যোগত তথা বালিজান গ্ৰাণ্টৰ ভুৱন নগৰ ৰাইজৰ সহযোগত ভুৱন নগৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত আজি এটি আ'য়ুৰ্বেদিক বিনামূলীয়া স্বাস্থ্য চিকিৎসা শিৱিৰ অনুষ্ঠিত হয়।শিৱিৰত অঞ্চলটোৰ প্ৰায় ১৫০জন লোকক বিনামূলীয়াকৈ বিভিন্ন ৰোগৰ চিকিৎসা কৰা হয়।