বজালীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হৈছে এক ভয়াবহ পথ দুৰ্ঘটনা। 

দুৰ্ঘটনাটোত থিতাতে দুই ভাই-ককাই নিহত হোৱা বুলি জানিব পৰা গৈছে। 

ৰৈ থকা ট্ৰাকত খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। 

নিহত দুয়োগৰাকী চিৰাং জিলাৰ মাগুৰ নায়কৰ পুত্ৰ জাহাংগীৰ আলী (৩৫) আৰু কালাম আলী (২৫) বুলি চিনাক্ত কৰিছে। 

পুৱতি নিশা সংঘটিত হৈছিল দুৰ্ঘটনাটো।