দৰং জিলাত দুমনিচৌকিৰ পৰা লালপুললৈ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সৰু-সৰু পুখুৰী সদৃশ্য গাত হোৱাত আৰু গাতত পৰি সঘনাই দুৰ্ঘটনা হোৱাক কেন্দ্ৰ কৰি স্থানীয় বিভিন্ন দল সংগঠনে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথক মেৰামতি দাবী জনায়| উল্লেখনীয় যে যোৱা কিছু দিনৰ ভিতৰত গাত পৰি বহুত লোকে দুৰ্ঘটনা পৰি মৃত্যু বৰণ কৰিছে|