মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক ড° ৰাজীৱ হাজৰিকাই প্ৰণয়ন কৰা' প্ৰাকৃতিক ভূগোল' গ্ৰন্থ খনৰ উন্মোচন

মৰাণ অঞ্চলৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান মৰাণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি ভূগোল বিষয়ৰ এখন গুৰুত্ব পূৰ্ণ পাঠ্যপুথি তথা গ্ৰন্থ উন্মোচন হয় । মৰাণ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মূৰব্বী অধ্যাপক ড° ৰাজীৱ হাজৰিকাই প্ৰণয়ন কৰা' প্ৰাকৃতিক ভূগোল' নামৰ গ্ৰন্থ খনৰ প্ৰথম খণ্ডটো উন্মোচন কৰে ডিব্ৰুগড় হনুমান বক্স সুৰজ মল কানৈ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপিকা তথা বিশিষ্ট সাহিত্যিক ড° ভাৰতী দত্তই । উন্মোচক গৰাকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগত অধ্যয়ন কৰি থকা প্ৰথম ষান্মাসিকৰ ছাত্ৰ - ছাত্ৰীৰ বাবে যুগুত কৰা উক্ত পুথি খনে ছাত্ৰ - ছাত্ৰী সকলক যথেষ্ট উপকৃত কৰিব বুলি কয় । উন্মোচনী সভা খনত বিশিষ্ট অতিথি হিচাপে ভাষণ আগবঢ়ায় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ড° কমলেশ্বৰ দত্ত, মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰ, মৰাণৰ জ্যেষ্ঠ সাংবাদিক বাছা বৰা আৰু মৰাণ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপিকা ড° যুতি মণি বৰদলৈয়ে । ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক আত্মাৰাম কুমাৰে আঁত ধৰা সভা খনত গ্ৰন্থ প্ৰণেতা ড°ৰাজীৱ হাজৰিকা, মৰাণ মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড° ৰাজেন বৰঠাকুৰ, ড° অশোক দত্ত, অধ্যাপিকা ড° পূৰবী নাথ আৰু আল্পনা গগৈ ভূঞাই বক্তব্য প্ৰদান কৰে ।