বাকসাৰ বাগানপাৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়ম, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৰ সমষ্টিতে চৰকাৰী গৃহৰ নামত ধন লোৱাৰ অভিযোগ। 

কিমান নিকা মাধ্যমেৰে চলিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ কাম

বাক্সাত ১০০০টকা নিদিলে একাউন্টত নুসুমায় চৰকাৰী গৃহৰ ধন।

 বাকসা জিলাৰ বাগানপাৰা পৰিষদীয় সমষ্টি তথা বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োৰ নিজ সমষ্টিৰে অন্তৰ্গত শান্তিপুৰ VCDCত চৰকাৰী গৃহ আৱন্টন হোৱা অতি দুখীয়া ৰাইজৰ পৰা টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে।

এটা চৰকাৰী গৃহৰ বিনিময়ত এহেজাৰ টকাকৈ লোৱাৰ তথ্য পোহৰলৈ আহিছে।

এই অভিযোগ উত্থাপন কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীয়ে। বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত শান্তিপুৰ ভিচিডিচিৰ বিবাবী বড়ো নামৰ মহিলাগৰাকীৰ নামত আৱন্টিত হৈছিল এটা চৰকাৰী গৃহ।প্ৰথম কিস্তি লাভ কৰাৰ পিছত দ্বিতীয় কিস্তিৰ বাবে ১,০০০টকাকৈ উৎকোচ বিচাৰে চাৰিজন ব্যক্তিয়ে।টকা নিদিলে দ্বিতীয় কিস্তি নিদিয়াৰ ভাবুকি প্ৰদান কৰা বুলিও অভিযোগ কৰে মহিলাগৰাকীয়ে।

বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োৰ সমষ্টিত সংঘটিত এই অনিয়মক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।