গোলাঘাটত দিনদুপৰতে চোৰৰ সন্ত্ৰাস। এইবাৰৰ চোৰৰ লক্ষ্য শিক্ষানুষ্ঠান। শিক্ষানুষ্ঠানত পাঠদান চলি থকা অৱস্থাতে সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা। গোলাঘাটৰ সমীপৱৰ্তী পুলিবৰ কচুগাঁওস্থিত পুলিবৰ আদৰ্শ বিদ্যাপীঠত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। বিদ্যালয়খনত এটা চুৰে প্ৰৱেশ কৰি এখন লেডিচ চাইকেল লৈ উধাও হয়। পিছে চুৰৰ ভাগ্য বেয়া! চাইকেলখন লৈ ওলাই যাঁওতেই পিছফালৰ পৰা প্ৰত্যক্ষ কৰে শিক্ষানুষ্ঠানখনৰ কোনো এগৰাকী কৰ্মচাৰীয়ে। তাৰ পিছতেই এখন শিক্ষানুষ্ঠানখনৰ এগৰাকী শিক্ষকে স্কুটীৰে পিছে পিছে খেদি চোৰটোক কৰায়ত্ত্ব কৰিবলৈ সক্ষম হয়। পিছত চোৰটোক কৰায়ত্ব কৰি  বিদ্যালয়লৈ লৈ আহে আৰু আৰক্ষীৰ খবৰ দিয়ে। লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু চোৰটোক আৰক্ষীক গটাই দিয়ে। 
ইয়াৰ পূৰ্বেও শিক্ষানুষ্ঠানখনত অনুৰূপ ঘটনা সংঘটিত হৈছিল। কিন্তু সেইবাৰ চুৰি হোৱা চাইকেলখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। তেতিয়াৰ পৰাই শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষ সষ্টম হৈ আছিল আৰু আজি চোৰ জালত পৰিল। 
উল্লেখ্য যে চোৰটো পিছফালৰ এখন গেটেৰে শিক্ষানুষ্ঠানখনৰ চৌহদত প্ৰৱেশ কৰিছিল।