ক'ভিড মহামাৰীৰ বাবে নাট প্ৰদৰ্শনৰ পৰা প্ৰায় দুটা বছৰ বিৰতিৰ অন্তত কালি নিশা বজালী জিলাৰ সদৰ পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত কহিনুৰ থিয়েটাৰৰ নাট্য প্ৰদৰ্শনৰ শুভাৰম্ভ কৰা হয়।
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
উক্ত কহিনুৰ থিয়েটাৰৰ নাট্য প্ৰদৰ্শনৰ আনুষ্ঠনিকভাৱে শুভ উদ্বোধন কৰে বজালী জিলা উপায়ুক্ত কাবেৰী বি শৰ্মাই।
প্ৰয়াত ৰতন লহকৰ স্মৃতি বিজৰিত তেখেতৰ সু-সন্তান, সুদক্ষ প্ৰযোজক, পৰিচালক তপন লহকৰৰ প্ৰযোজিত কহিনুৰ থিয়েটাৰে চলিত ২০২২-২৩(৪৭) নাট্য বৰ্ষৰ বাবে চমকপ্ৰদ আয়োজন তথা ব্যতিক্ৰমী আয়োজনেৰে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আনুষ্ঠানিকভাৱে কহিনুৰ থিয়েটাৰৰ নাট্য প্ৰদৰ্শনৰ শুভ উদ্বোধন হয়।
২০২২-২৩ নাট্য বৰ্ষত তেওঁলোকে তিনিখনকৈ ভিন্ন ৰুচি সম্পন্ন নাট নিবেদন কৰিব।
ইয়াৰ ভিতৰত যুৱ নাট্যকাৰ, গীতিকাৰ ৰাজদ্বীপৰ ৰচনাৰে আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা যতীন বৰাৰ পৰিচালনাৰে *বিষ্ণুপ্ৰিয়া*, কহিনুৰ থিয়েটাৰত পূৰ্বতে ইতিহাস ৰচি যোৱা *বেদৰ মেয়ে জসনা* ৰ ৰূপত কিশোৰ তহবিলদাৰৰ দ্বাৰা নাট্যৰূপ দিয়া *নাগিনিৰ অমৃত দংশন* ৰ লগতে অন্য এক ব্যতিক্ৰমী চিন্তাৰে তথা কাৰিকৰী কৌশলেৰে ভৰপূৰ আগন্তুক নাট্যবৰ্ষৰ বাবে বিশিষ্ট নাট্যকাৰ অভিনেতা চম্পক শৰ্মাৰ ৰচনাৰে * অৰ্ধনাৰী*।
ইতিমধ্যে বিশেষ চৰ্চা লাভ কৰা *অৰ্ধনাৰী* নাটকখনত এক ব্যতিক্ৰমী চৰিত্ৰত দেখা পাব মঞ্চ জগতৰ অভিনেতা কৃষ্ণমণি নাথক।
তাৰ লগতে অন্য চৰিত্ৰসমূহ ৰূপায়ন কৰিব ধাৰাবাহিকৰ অভিনেতা সিদ্ধাৰ্থ কলিতাই।