শিৱসাগৰ থানাঘাট নগৰ সুৰক্ষা বাহিনীৰ উদ্যোগত জাৰী অনুষ্ঠান

শিৱসাগৰত মহৰম উপলক্ষে জাৰী আয়োজন কৰিলে নগৰ সুৰক্ষা বাহিনীয়ে | মহৰম একেশ্বৰবাদী মুছলমান লোক সকলৰ এক পৱিত্ৰ মাহ | ইছলামিক বৰ্ষপুঞ্জীৰ এই প্ৰথম মাহতেই কাৰবালাৰ যুদ্ধত হাছানে প্ৰাণ ত্যাগ কৰিছিল | মহৰম তীব্ৰ বেদনাৰ স্মৃতি বিজড়িত অতি পৱিত্ৰ মাহ | এই পৱিত্ৰ মাহত বৃত্তাকাৰে ঘূৰি ঘূৰি কাৰবালাৰ কৰুণ কাহিনী দুখৰ সুৰত নৃত্য ভংগীমাৰে জাৰী ৰূপে পৰিবেশন কৰে |  সম্প্ৰতি প্ৰায় লুপ্তপ্ৰায় হোৱা এই জাৰী শিৱসাগৰ নগৰৰ সমীপত পুৰণা চ’ক বজাৰ পথত থানাঘাট নগৰ সুৰক্ষা বাহিনীয়ে আয়োজন কৰে |