অহা-যোৱা কৰিবলৈ পথ নাই ৰহাৰ ৰহাচকী, মাজগাঁও, হাৰিয়ামুখ অঞ্চলত। অভাৱনীয় সমস্যাত পৰিছে ছাত্ৰ-ছাত্ৰী, জনসাধাৰণ। বিগত প্ৰলয়ংকৰী কলঙৰ বানে ভাগি নিলে ৰহাৰ ৰহাচকীৰ পথৰ এটা অংশ। আজিও পোনপটীয়া যোগাযোগ বিচ্ছিন্ন হৈ আছে অঞ্চলটোৰ। কিন্তু শেহতীয়াকৈ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকল সন্মুখীন হৈছে অভাৱনীয় সমস্যাৰ। স্কুল কলেজলৈ আহিবলৈ পথ নাই। বানে ভগা অংশত লোকনিৰ্মাণ বিভাগে এখন বাঁহৰ দলং সাজি দিছে। কিন্তু সেই দলঙেৰে ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰা সুচল নহয়। বাঁহৰ দলং পাৰ হৈ ৰে'লপথত উঠিব লাগে। চাওক কেনেদৰে বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰিবলগীয়া হৈছে। কন কন ছাত্ৰ-ছাত্ৰীক অভিভাৱকে দাঙি আনিবলগীয়া হৈছে, চাইকেলখন দাঙি আনি দিছে কোনোৱে। এনেদৰেই এতিয়া অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে। বান শুকুৱা প্ৰায় দুমাহেই হ'ল যদিও আজিলৈকে বানে ভগা পথচোৱা মেৰামতি কৰা নহ'ল। যাৰ ফলত অঞ্চলৰ অগনন ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণে এতিয়া যমৰ যাতনা ভুগিবলগীয়া হৈছে। সেয়ে শীঘ্ৰে বানে ভগা পথটো পুনৰ নিৰ্মাণ কৰিবলৈ চৰকাৰক অনুৰোধ কৰিছে ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MCN NEWS| वैजापूर शहरात पोलिसांचे पथ संचलन संपन्न
MCN NEWS| वैजापूर शहरात पोलिसांचे पथ संचलन संपन्न
अल्फा (स्वाधीन) ने किया स्वतंत्रता दिवस पर बंद का आह्वान
पूर्वोत्तर राज्य असम में युनाइटेड लिबरेशन फ्रंट ऑफ असम-इंडिपेंडेंट (अल्फा-स्वाधीन) ने शनिवार को...
কিয় বাংলাদেশৰ পৰা গোলাঘাটলৈ আহিল এইগৰাকী যুৱতী ? Video Viral
অসমৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰেমত পৰিছে বাংলাদেশৰ যুৱতী ফাৰহানা জেচমিন ।। বাংলাদেশৰ পৰা আহি পালেহি...
ताईला शिवीगाळ महाराष्ट्र पेटला, दादा मात्र शांत...
मुंबई: कृषीमंत्री अब्दुल सत्तार यांनी सुप्रिया सुळेंना अपशब्द वापरण्यावरुन राष्ट्रवादी आक्रमक...