তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ তথা নগাঁও ছোৱালী কলেজৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন অধ্যাপিকা শ্ৰীমতি ভানু পদ্মপতিয়ে শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ লাখ টকাৰ অনুদান আগবঢ়ায়৷

তেখেতৰ স্বাস্থ্যৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি, উপায়ুক্তগৰাকী তেখেতৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ পৰা ৫ লাখ টকাৰ চেকখন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে৷

শোণিতপুৰৰ উপায়ুক্ত দেব কুমাৰ মিশ্ৰৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ চেক আগৱঢ়োৱাৰ সময়ত মুখ্যমন্ত্ৰীয়ে ভিডিও' কলৰ জৰিয়তে ভানু পদ্মাপতিক নিজৰ পেঞ্চনৰ জমা ধনৰ পৰা আগবঢ়োৱা অনুদানৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেখেতৰ সু-স্বাস্থ্য কামনা কৰে ৷ মহিলা গৰাকীয়ে ফোন যোগে মুখমন্ত্ৰীক ঘৰলৈ মাতিলে আৰু নিজে বনোৱা টেঙা ভাত খুৱাম বুলি কলে৷ মুখ্যমন্ত্ৰীয়েও তেজপুৰলৈ আহিলে তেওৰ ঘৰত আহিব আৰু লগতে ভাত খাব বুলিও প্ৰতিশ্ৰুতি দিলে।

১৯৩৬ চনৰ ৩ চেপ্টেম্বৰত জন্ম গ্ৰহণ কৰি শ্ৰীমতি পদ্মপতিয়ে অৰ্থনীতি বিষয়ত গুৱাহাটী বিশ্বাবিদ্যাময়ৰ পৰা স্নাতকোত্তৰ সম্পূৰ্ণ কৰে আৰু ১৯৯৬ চনত নগাঁও ছোৱালী বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে৷

এগৰাকী বহুমুখী ব্যক্তিত্বৰ অধিকাৰী, শ্ৰীমতি পদ্মপতিয়ে ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা বিভিন্ন অৱদানৰ বাবে অসম চৰকাৰৰ ক্ৰীড়া পেঞ্চন লাভ কৰি আহিছে। তেখেত এগৰাকী বিশিষ্ট নাট্যশিল্পী হিচাপেও জনাজাত লগতে নাট্য জগতৰ মাধ্যমেৰে তেখেতে নটসুৰ্য্য ফণী শৰ্মা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ দৰে বিশিষ্ট ব্যক্তিতৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিল ৷ উল্লেখ্য যে, তেখেত তেজপুৰৰ বাৰহলিয়াৰ সুপৰিচিত অধিবক্তা অন্নদা কুমাৰ পদ্মপতিৰ কন্যা।