ক্ৰমান্বয়ে গৰু সৰবৰাহৰ কৰিডৰলৈ পৰিণত হৈছে গোলাঘাট।এইবাৰ গোলাঘাটৰ কমাৰবন্ধাৰ ত্ৰিবেণী চাৰিআলি বামুন গাঁৱত পুনৰ জব্দ গৰুভৰ্তি এখন টাটা এচি বাহন।পিংকু বৰা নামৰ এজন ব্যক্তিৰ নেতৃত্বত ত্ৰিবেণী গাঁওৰক্ষী বাহিনীয়ে খেদি খেদি জব্দ কৰে গৰুভৰ্তি বাহনখন।কমাৰবন্ধা আৰক্ষী থানাৰ আগেদিয়েই আঠাবাৰীৰ পৰা মেৰাপানী অভিমুখী বাহনখন জব্দ কৰে গাওৰক্ষী বাহিনীয়ে।বাহনখনত আছিল পোৱালিসহ প্ৰায় ১৪ টাকৈ গৰু।গৰুভৰ্তি বাহনখন সৰবৰাহ কৰি থকা অৱস্থাত ৰাইজৰ হাতত ধৰা পৰে পাপু বৰা আৰু ৰফিকুল ইছলাম নামৰ দুই সৰবৰাহকাৰী।দুয়োৰে ঘৰ গোলাঘাটৰ আঠখেলীয়া অঞ্চলত বুলি জানিব পৰা গৈছে।গৰুভৰ্তি টাটা এচি বাহনখনৰ নম্বৰ AS 05AC 1138।ঘটনাস্থলীত কমাৰবন্ধা আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে দুই সৰবৰাহকাৰীক। উল্লেখ্য যে দীৰ্ঘদিন ধৰি কমাৰবন্ধা-গোলাঘাট পথেদি সৰবৰাহকাৰীয়ে সৰবৰাহ কৰি আহিছে চোৰাং গৰু।গধূলি হ'লেই কমাৰবন্ধা আৰক্ষীৰ চকুৰ আগেদিয়েই পাৰ হৈ থাকে গৰুভৰ্তি বাহন।কিন্তু সমগ্ৰ ঘটনাত যেন একপ্ৰকাৰ নিমাত কমাৰবন্ধা আৰক্ষী।সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ গাওৰক্ষী বাহিনী ওলাই অহাৰ পাছতহে সাৰ পালে কমাৰবন্ধা আৰক্ষী।
গোপত গঙ্গাটুপ কমাৰবন্ধা আৰক্ষীৰে চোৰাং গৰু সৰবৰাহকাৰী সন্দৰ্ভত লোৱা ব্যৱস্থাক লৈয়ো উঠিছে প্ৰশ্ন। আনহাতে,দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰৰ পাছত কমাৰবন্ধা আৰক্ষীয়ে কিদৰে তদন্ত প্ৰক্ৰিয়া সম্পন্ন কৰে,সেইয়াহে হ'ব লক্ষণীয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મોટું નિવેદન : દૂધસાગર ડેરીના પૂર્વ ચેરમેન વિપુલ ચૌધરીનું મોટું નિવેદન,
ગુજરાત વિધાનસભાની ચૂંટણી માટે ભાજપ, કોંગ્રેસ અને આમ આદમી પાર્ટીએ તૈયારીઓ શરૂ કરી દીધી છે. જ્યારે...
તળાવમાં ન્હાવા જતાં 3 બાળકીઓના મોત..
સાબરકાંઠા
પ્રાંતિજ તાલુકાના મહાદેવપુરા ગામના તળાવમાં 3 બાળકીઓના ડૂબવાથી મૃત્યું
...
সানেকুছিত মানসিক ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ ও চিকিৎসা সম্পৰ্কে সজাগতা শিবিৰ
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সানেকুছি ৰাজ্যিক চিকিৎসালয় প্ৰাংগনত...
Athulya Senior Care, the pioneering and largest premium senior care facility in India,
Athulya Senior Care, the pioneering and largest premium senior care facility in India,
...