মাহমৰাৰ ন-পাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিযোগ।
সোণাৰি,২৭ জুলাই : মাহমৰাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী প্ৰধান শিক্ষকে পত্নীক শাৰীৰিক-মানসিক অত্যাচাৰ চলাই পলাতক অৱস্থাত থকা বুলি অভিযোগ উত্থাপন কৰি এগৰাকী প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰাইদেউ জিলা উপায়ুক্তক অভিযোগ দাখিল কৰিছে মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাই। মাহমৰা ৰাজহ চক্ৰ বিষয়াৰ যোগেদি চৰাইদেউ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰা দাবী পত্ৰত উল্লিখিত অভিযোগ অনুসৰি চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰৰ অধীনৰ ১ নং বৰবিল গাঁৱত অৱস্থিত ন-পাম প্রাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দুৰ্গা প্ৰসাদ বৰুৱাই এগৰাকী ছাত্ৰীক বিভিন্ন প্রলোভনেৰে বিবাহ কৰাৰ চলেৰে নিজা বাসগৃহত ৰাখি এমাহ ধৰি শাৰীৰিক আৰু মানসিক নির্যাতন সংঘটিত কৰি বাসগৃহৰ পৰা খেদি পঠোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত বর্তমানেও পলাতক অৱস্থাত আছে শিক্ষক গৰাকী । যাৰ ফলত বে-আইনী তথা অপকর্মত লিপ্ত ব্যক্তিয়ে প্রধান শিক্ষকৰ দৰে গুৰুত্বপূর্ণ দায়িত্বত নিয়োজিত হৈ অনাগত দিনত শিক্ষানুষ্ঠানখনৰ শৈক্ষিক দিশ সঠিক দিশত আগুৱাই নিব নোৱাৰিব বুলি আশংকা প্ৰকাশ কৰিছে মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাই। আনহাতে প্রধান শিক্ষক গৰাকী দীর্ঘদিন ধৰি শিক্ষানুষ্ঠানখনত অনুপস্থিতিৰ ফলত বিদ্যালয়খনৰ অচল হৈ পৰিব পাৰে বুলি দাবী কৰি ছাত্র-ছাত্রী তথা অঞ্চলটোৰ শৈক্ষিক স্বাৰ্থত দুর্গা প্ৰসাদ বৰুৱা নামৰ ব্যক্তি গৰাকীক বিদ্যালয়খনৰ প্ৰধান শিক্ষক পদৰ পৰা বৰ্ষাস্ত কৰি অন্য শিক্ষকক প্রধান শিক্ষকৰ দায়িত্ব অর্পণ কৰিবৰ বাবে সজোৰে দাবী উত্থাপন কৰিছে মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰিংকু বড়া আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কল্যাণ বৰগোঁহাই ।
 
  
  
  
  
   
  