যোৱা 9 আগষ্ট তাৰিখে নাগালেণ্ডত আছাম ৰাইফলচৰ সৈতে হোৱা আলফা-NSCNৰ সংঘৰ্ষত গুলিবৃদ্ধ হোৱা আলফাৰ চাৰ্জেন্ট মেজৰ অচিন্ত মৰাণ ওৰফে ইয়াংকু অসমৰ মৃত্যু ।

ইতিমধ্য সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা অলফাৰ ব্ৰিগেদিয়াৰ অৰুণোদয় অসমৰ স্বাক্ষৰিত এক পত্ৰৰ জড়িয়তে এই কথা অৱগত কৰিছে আলফা স্বাধীনে

আলফা স্বাধীনে মৃত কেডাৰ গৰাকীক অমৰ মৃতক হিচাপে ঘোষণা কৰাৰ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে ।

সদ্য মৃত আলফা কেডাৰ গৰাকীৰ ঘৰ তিনিচুকীয়া জিলাৰ ধলাৰ  মালভোগ গাঁৱত বুলি জানিব পৰা গৈছে ।