বিদ্যুৎযোগান নিয়মীয়াকৰণৰ দাবী চিচিবৰগাঁৱৰ চকামৰা মুছলিম গাঁৱৰ ৰাইজৰ,পৰ্যাপ্ত ভল্টেজ নোপোৱাৰ অভিযোগ

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

চিলাপথাৰ বিদ্যুৎ সংমণ্ডলৰ বিৰুদ্ধে আজি চিচিবৰগাঁৱত একত্ৰিত হ'ল চকামৰা মুছলিম গাঁৱৰ ৰাইজ । ৰাইজৰ অভিযোগ অনুসৰি বিগত প্ৰায় ৫ মাহে চিচিবৰগাঁৱৰ ৰাইজে অতি নিম্নমানৰ বিদ্যুৎ যোগানৰ বাবে দুৰ্ভোগ ভুগি আহিছে । বৰষুণ দিলে বা গাজনি মাৰিলে অথবা সামান্য বতাহ মাৰিলেই অন্তৰ্ধান হয় বিদ্যুতৰ । যিসময় বিদ্যুৎ যোগান থাকে তাৰ ভল্টেজ ইমানেই কম যে কোনো কামত নাহে । প্ৰচণ্ড গেলা গৰমত ফেন নুঘূৰে, পানীৰ মটৰ নচলে । ৰাইজে সেই সন্দৰ্ভত চিলাপথাৰ বিদ্যুৎ সংমণ্ডলত বহুবাৰ আবেদন জনাইছে যদিও কোনো সুফল লাভ কৰিব পৰা নাই । বিদ্যুৎ নিয়মীয়া কৰাৰ লগতে অঞ্চলটোত এটা ট্ৰেন্সফাৰ্মাৰ স্থাপন কৰিবত বাবে আজি ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে বিদ্যুৎ বিভাগলৈ দাবী জনাইছে ।