গোলাঘাট উত্তৰ শিক্ষা খণ্ডৰ অন্তৰ্গত দেৰগাঁৱৰ লেমচাপৰি প্ৰাথমিক বিদ্যালয়ৰ সদ্য অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষক কমল বৰুৱাক বিদায় সম্বৰ্ধনা জনায়।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

এই উপলক্ষে অৱসৰপ্ৰাপ্ত শিক্ষক হিতেশ্বৰ বৰুৱাৰ সভাপতিত্বত আয়োজন কৰা বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ উদ্দেশ্যে আগবঢ়ায় সমাজকৰ্মী ঘনকান্ত নেওগে।

 কন্ঠশিল্পী ৰঞ্জিত বৰুৱাৰ পৰিচালনাত ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা এটি সমবেত সংগীতেৰে গাম্ভীৰ্যপূৰ্ণ বিদায় সম্বৰ্ধনা অনুষ্ঠানটি আৰম্ভ কৰে। পবিত্ৰ শইকীয়াই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত অংগবস্ত্ৰ, ধৰ্মগ্ৰন্থ, সফুৰা আৰু সম্বৰ্ধনা পত্ৰৰে দুয়ো গৰাকী অৱসৰি শিক্ষকক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনায়।

অঞ্চলটোৰ কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকর্মী, অভিভাৱক আৰু স্থানীয়লোক উপস্থিত থকা অনুষ্ঠানটিত উক্ত বিদ্যালয়খনৰ লগতে শলাবোৱা অংগনৱাডী কেন্দ্ৰৰ শিশু সকলে বিভিন্ন নৃত্য-গীত পৰিবেশন কৰে। ইপিনে অনাতাঁৰ শিল্পী ৰঞ্জিত বৰুৱাও দেহবিচাৰ গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে।