অসমত নাগৰিকপঞ্জী উন্নীতকৰণৰ চূড়ান্ত তালিকা প্ৰকাশ হ'ল যদিও বিতৰ্কৰ অন্ত পৰা নাই। এনেবোৰৰ মাজতে এতিয়া এন আৰ চিৰ ভিত্তিবৰ্ষ কি হ'ব সেই লৈ শুনানি অনুষ্ঠিত হ'ব উচ্চতম ন্যায়ালয়ত। অসম সন্মিলিত মহাসংঘই ২০১২ চনতে দাখিল কৰা লেখ আবেদনৰ শুনানি পুনৰ অহা ২৯ আগষ্টৰ পৰা আৰম্ভ হ'ব। উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে অসম সন্মিলিত মহাসংঘই ১৯৭১ চনৰ পৰিবৰ্তে এন আৰ চিৰ ভিত্তিবৰ্ষ ১৯৫১ হোৱাৰ পোষকতা কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে এতিয়া ইয়াৰ শুনানি ল'ব।