আজি চিৰাং জিলাৰ সদৰ কাজলগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বড়ো নেচনেল ষ্টুডেন্ট ইউনিয়ন চমুকৈ বনছুৰ উদ্যোগত পৃথক ৰাজ্য বড়োলেণ্ডৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়।
সোনকোষৰ পৰা শদিয়ালৈ সাঙুৰি পৃথক ৰাজ্য বড়োলেণ্ড গঠন কৰা, কাৰ্বি আলং আৰু ডিমা হাছাও অঞ্চলত বসবাস কৰা বড়ো সকলক জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা, ভাৰতীয় সেনাত বড়ো ৰেজিমেণ্ট খোলা, ৰাষ্ট্ৰসংঘৰ ঘোষণা অনুসৰি খিলঞ্জীয়া লোকৰ অধিকাৰ ৰূপায়ণ কৰা আদিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদস্থলৰ পৰা চিৰাঙৰ উপায়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক কেইবাটাও দাবীৰে স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
এই দাবী সমূহ মানি নল'লে অহা ৮ আগষ্টত দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে।
 
  
  
  
  