মাজুলীত বীৰ লাচিত সেনাৰ ১০০০ সদস্য ভৰ্ত্তিৰ লক্ষ্য আগত ৰাখি বিভিন্ন ধৰনৰ কাৰ্যসূচী হাতত লৈছে ৷ ইয়াৰ ওপৰিও সংগঠনটোৱে আজি উজনি মাজুলীৰ জেংৰাইমুখ আৰক্ষী থানাত উপস্থিত হৈ মাজুলীৰ লগতে জেংৰাইমুখ থানা এলেকাত কৰ্মসূত্ৰে থকা মাজুলীৰ বাহিৰৰ শ্ৰমিক সকলৰ নথিপত্ৰ পৰিক্ষা কৰি নথিপত্ৰ নথকা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ দাবী জনাই ৷
চৰকাৰী পইছা খাই ঘৰত বহি থকা, নিশা হলে শুই থকা গাঁওৰক্ষী বাহিনী সমূহক সজাগ হৈ থাকি গাঁৱত পহৰি ব্যৱস্থা কৰিবলৈ আহ্বান জনাই ৷ ইতমধ্যে বীৰ লাচিত সেনাৰ মাজুলীৰ সমিতিখন শক্তিশালী কৰিবলৈ এহেজাৰ সদস্য ভৰ্ত্তি অভিজান চলি আছে বুলি সংগঠনটোৰ মাজুলীৰ দায়িত্ববাহী সঞ্জিত অসমে আমাক জানিবলৈ দিয়ে ৷