মাটিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত দহেলা প্ৰাথমিক শিক্ষক কেন্দ্ৰ( সাধাৰণ আৰু বড়ো )ৰ উদ্যোগত দহেলা প্ৰাথমিক বিদ্যালয়ত

অনুষ্ঠিত কৰা হয় এখন সম্বৰ্ধনা সভা। দহেলা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ ( বড়ো ) সভাপতি গৌৰীশংকৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ নৱ নিৰ্বাচিত সভাপতি অখিল চন্দ্ৰ নাথক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ৮২ নং (চি) শিলৰবড়ী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহৎ চন্দ্ৰ ৰায়ে আঁত ধৰা সম্বৰ্ধনা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নিম্ন কৰকশী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা মাটিয়া খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি সিদ্ধেশ্বৰ কলিতাই। সভাত আমন্ত্ৰিত অতিথিসকলে অন্যান্য দিশৰ বক্তব্যৰ লগতে "শৈক্ষিক আৰু সাংস্কৃতিক উত্তৰণ" শীৰ্ষক বিষয়ৰ ওপৰত আলোকপাত কৰে। ইপিনে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ নৱ-নিৰ্বাচিত সভাপতি অখিল চন্দ্ৰ নাথে সম্বৰ্ধনা গ্ৰহণ কৰি কয়— নিম্ন প্ৰাথমিক স্তৰৰ তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু পৰিবেশ বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদানৰ সম্পৰ্কত তীব্ৰ বিৰোধীতাৰে এনে হঠকাৰী সিদ্ধান্ত অবিলম্বে প্ৰত্যাহাৰ কৰিবলৈ শিক্ষা বিভাগক অনুৰোধ জনোৱাৰ লগতে চৰকাৰক সকিয়নী প্ৰদান কৰে। নিমন্ত্রিত অতিথি হিচাপে অন্যান্য সকলৰ লগতে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যিক সদস্য আবু শ্বামা, তালতলা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কেৰামত আলী শ্বেখ্, মাটিয়া খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ফজৰ আলী উপস্থিত থাকে।