চৰাইদেউত কৃষি বিভাগৰ অধীনত চলি থকা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ কাম-কাজৰ শেহতীয়া স্থিতি সম্পৰ্কে সভা

জিলাখনৰ কৃষি বিভাগৰ অধীনত চলি থকা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ কাম-কাজৰ শেহতীয়া স্থিতি সম্পৰ্কে আজি এক আলোচনা সভা অনুষ্ঠিত হয় চৰাইদেউ জিলা উপায়ুক্ত সভাকক্ষত।

উপায়ুক্ত পল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ, জিলা কৃষি বিষয়া ৰবীন য়েইন, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী তথা মুৰব্বী, কৃষি উন্নয়ন বিষয়া, নাবাৰ্ডৰ ডিডিএম, বেংক প্ৰতিনিধি, কৃষক প্ৰতিনিধি তথা বীমা কোম্পানীৰ বিষয়া কৰ্মচাৰী৷ 

সভাত জিলাখনত কৃষক ৰাইজৰ সুবিধাৰ্থে বীমাৰ কাম কাজৰ সবিশেষ খতিয়ান দাঙি ধৰে কৃষি বিষয়াই৷ লগতে জিলা উপায়ুক্ত মহোদয়েও এই সন্দৰ্ভত উপযুক্ত দিহা পৰামৰ্শ প্ৰদান কৰে৷