মাজুলীৰ ঐতিহ্যমণ্ডিত কমলাবাৰী সত্ৰৰ বৈকুণ্ঠগামী সত্ৰাধিকাৰ শংকৰদেৱ বঁটাবিজয়ী সাহিত্য অকাদেমীৰ সন্মান বিভূষিত সংস্কৃত পণ্ডিত নাৰায়ণ চন্দ্ৰ গোস্বামীক সামাজিক মাধ্যমত অপমান সূচক বক্তব্যৰে সমালোচনা কৰা গোলাঘাট জিলাৰ মৰঙি নিবাসী জনৈক পৰাগ পৱন শৰ্মা বৰাৰ বিৰুদ্ধে মাজুলী আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে সত্ৰাধিকাৰ জনাৰ শিষ্য প্ৰশিষ্যৰ লগতে সচেতন ৰাইজে৷ সংবাদ মাধ্যমত ১১ আগষ্টত প্ৰকাশ পোৱা এটি যোগাত্মক বাতৰিৰ ওপৰত ভিত্তি কৰি পণ্ডিতপ্ৰবৰ সত্ৰাধিকাৰ জনাক এগৰাকী ঘৃণনীয় সাম্প্ৰদায়িক ৰাজনীতি কৰা বিতৰ্কিত ব্ৰাহ্মণ বিদ্বেষী আদি শব্দ প্ৰয়োগ কৰি বিতৰ্কৰ সৃষ্টি কৰাক লৈ মাজুলীত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ সত্ৰীয়া সংস্কৃতিা স্বৰ্ণৰেখাৰ দৰে গ্ৰন্থৰ স্ৰষ্টা, ব্ৰজাৱলী ভাষাৰ ব্যাকৰণ, আদি কৰি ভালেকেইখন মূল্যবান গ্ৰন্থৰ ৰচনা কৰে এই বিশিষ্ট পণ্ডিতগৰাকীয়ে৷ ডিব্ৰুগড়, গুৱাহাটী আৰু তেজপুৰ বিশ্ববিদ্যালয়ত এই গ্ৰন্থ পঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ উপৰিও তেখেতে অতিথি সমল বক্তাৰূপে তিনিখন বিশ্ববিদ্যালয়তে অংশগ্ৰহণ কৰিছিল৷ এনেএগৰাকী আধ্যাত্মিক গুৰু আৰু স্পষ্টবাদী সু -বক্তাক মৃত্যুৰ পিছতো এনেদৰে তিৰষ্কাৰ কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়৷ এইলৈ যোৱা১৭ আগষ্টত কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ চ’ৰাত ৰঙাচাহী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ৰামসাগৰ নাথৰ পৌৰহিত্যত এখনি সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত বিষয়টি পংখানু পুংখ ভাবে আলোচনা কৰি বিতৰ্ক সৃষ্টিকাৰী পৰাগ পৱন শৰ্মা বৰাৰ বিৰূদ্ধে স্থানীয় আৰক্ষী থানাত গোচৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ উক্ত সিদ্ধান্তমৰ্মে ২০ আগষ্টত মাজুলী আৰক্ষী থানাত এখনি এজাহাৰ দাখিল কৰি অপৰাধীজনক দৃষ্ট্ৰন্তমূলক শাস্তি প্ৰদান কৰি ভৱিষ্যতে এনেধৰণেৰে কোনো লোকৰ বিৰুদ্ধে যাতে অহেতুক বিতৰ্কৰ সৃষ্টি কৰিব নোৱাৰে তাৰবাবেও দাবী জনায়৷ অভিযোগ গ্ৰহণ কৰি মাজুলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলে আশ্বাস প্ৰদান কৰে৷ মাজুলী জিলি সত্ৰ মহাসভাৰ তৰফৰপৰাও একে বিষয় সন্দৰ্ভত পৃথকে এখন এজাহাৰ দাখিল কৰে৷ উল্লেখ্য যে মাজুলী আৰক্ষী থানাই অভিযোগকাৰীসকলৰ পৰা এই বিষয়ক লৈ পৃথকে পৃথকে বিবৃত্তি গ্ৰহণ কৰে। এই অভিযোগৰ প্ৰতিলিপি মাজুলী জিলা উপায়ুক্ত আৰু মাজুলী জিলা আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
EU Apple Fine: यूरोपीय यूनियन ने पकड़ी Apple की बड़ी चोरी, लगाया भारी-भरकम जुर्माना
यूरोपीय यूनियन (EU) ने Apple पर करीब 2 बिलियन डॉलर का जुर्माना लगाया है। स्वीडिश स्ट्रीमिंग...
नगरसेवकाकडे 25 लाख रुपये खंडणी मागणारा...?RTI कार्यकर्ता जितेंद्र भोसलेवर गुन्हे शाखेकडून गुन्हा दखल
नगरसेवकाकडे 25 लाख रुपये खंडणी मागणारा...?RTI कार्यकर्ता जितेंद्र भोसलेवर गुन्हे शाखेकडून गुन्हा दखल
ફતેપુરા થી માતાના મઢ, માં આશાપુરા સહાયતે પગપાળા સંઘ ફતેપુરા. માતાના મઢ જવા માટે રવાના થયો
દાહોદ જિલ્લાના ફતેપુરા તાલુકાના મુખ્ય મથક ફતેપુરામાં થી માતાનામઢ પગપાળા સંઘ રવાના થયો. આજે તારીખ...
Income Tax Raid: Dheeraj Sahu के पास से 20 करोड़ और बरामद, 19 बैग लेकर निकली IT की टीम | Congress
Income Tax Raid: Dheeraj Sahu के पास से 20 करोड़ और बरामद, 19 बैग लेकर निकली IT की टीम | Congress