বঙাইগাঁও জিলাৰ বইটমাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। হেণ্ডকাফ লৈ এগৰাকী দুৰ্ধৰ্ষ অপৰাধীয়ে পলায়ন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত।

বইটামাৰীৰ কায়েথপাৰাত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীৰ হাতৰ পৰা হেণ্ডকাফ লৈ পলায়ন কৰা অপৰাধীজন মিনছুৰ আলী বুলি জানিব পৰা গৈছে।

দুৰ্ধৰ্ষ অপৰাধী মিনছুৰ আলীক গুৱাহাটীৰ আজাৰা আৰক্ষীয়ে তদন্তৰ বাবে ঘৰলৈ লৈ আহোতেই আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰে।