" ইন্টাৰনেটৰ জৰিয়তে আজিৰ শিক্ষাৰ্থীয়ে পৃথিবীৰ যিকোনো ঠাইৰ পৰা মুহূৰ্ততে তথ্য সংগ্ৰহ কৰিব পাৰে । তথ্য আহৰণেৰে জ্ঞান অৰ্জনৰ দিশত এখন ঠাইৰ ভৌগোলিক অৱস্থান এতিয়া আৰু হেঙাৰ থৈ নাথাকে । আজি দিল্লীত থকা এজন ছাত্ৰ আৰু মঙলদৈত থকা এজন ছাত্ৰৰ মাজত এই ক্ষেত্ৰত কোনো ব্যৱধান থাকিব নোৱাৰে । মাত্ৰ আমি ইন্টাৰনেট কেনেকৈ ব্যৱহাৰ কৰো সেইটোহে ডাঙৰ কথা । ইন্টাৰনেট ভাল ধৰণৰে ব্যৱহাৰ কৰিলে আমি যেনেকৈ যথেষ্ট উপকৃত হ'ব পাৰো ইয়াৰ অপপ্ৰয়োগে আমাৰ ভবিষ্যত ধ্বংস কৰিব পাৰে।" এয়া অসম ভূমি আৰু ৰাজহ সেৱাৰ পৰীক্ষাত ৰাজ্য ভিতৰত শীৰ্ষস্থান প্ৰাপক তথা বৰ্তমান মঙলদৈ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সংযুক্ত বিষয়া দেবাঙ্গন শৰ্মাই ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি কৰা এক মন্তব্য। সাংবাদিক সংগঠন মঙলদৈ মিডিয়া চাৰ্কোলৰ বছৰজোৰা বিদ্যায়তনিক কাৰ্যসূচীৰ অংশ হিচাপে মঙলদৈৰ বেজপাৰাস্হিত গুৰুকুল চিনিয়ৰ চেকেণ্ডাৰী স্কুলত বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ যুটিয়া উদ্যোগত প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হোৱাৰ আগ্ৰহ বৃদ্ধিৰ লক্ষ্যৰে কালি অনুষ্ঠিত কাৰ্যসূচীত সমল ব্যক্তি হিচাপে অংশ লৈ প্ৰশাসনিক বিষয়া গৰাকীয়ে শিক্ষাৰ্থী সকলৰ সৈতে মুকলি মত বিনিময় কৰে আৰু ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত কৃতকাৰ্যতা অৰ্জনৰ পৰা স্কুলীয়া অৱস্থাৰ পৰাই নিজকে কি দৰে গঢ় দিব পাৰি সেই সন্দৰ্ভত ব্যক্তিগত অভিজ্ঞতাৰ পৰা বিভিন্ন ব্যাখ্যা আগবঢ়ায়।অনুষ্ঠানত মঙলদৈ মিডিয়া চাৰ্কোলৰ সভাপতি ভাৰ্গৱ কুমাৰ দাস, গুৰুকুল শৈক্ষিক গোটৰ সঞ্চালক দুৰ্লভ সৰকাৰ আৰু ৰাষ্ট্ৰীয় বটা প্ৰাপক শিক্ষক শশাংক হাজৰিকাইও সৰু সৰু প্ৰাসংগিক উদাহৰণেৰে আত্ম বিশ্বাস, অধ্যৱসায় আৰু দক্ষতাৰ জৰিয়তে অসাধ্যও কিদৰে সাধন কৰিব পাৰি সেই বিষয়ে আলোকপাত কৰি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰে । শিক্ষানুষ্ঠান খনৰ শিক্ষয়িত্ৰী সুভদ্ৰা সাহাই সুন্দৰ ভাবে পৰিচালনা কৰা অনুষ্ঠানটোত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ সঙ্গীতা অধিকাৰী সৰকাৰ , মঙলদৈ মিডিয়া চাৰ্কোলৰ বিষয়ববীয়া ক্ৰমে হেমন্ত কুমাৰ বৰুৱা, ময়ূখ গোস্বামী, শ্ৰাৱণ কুমাৰ ঝা আৰু বিজয় বৰুৱাইও অংশ লয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোলাঘাট নগৰৰ মাছ বজাৰত দিন দুপৰতে এজন লোকৰ পৰা পইচা লৈ পলাবলৈ লওঁতেই ৰাইজৰ হাতত কৰায়ত্ত এজন লোক
গোলাঘাট নগৰৰ মাছ বজাৰত দিন দুপৰতে এজন লোকৰ পৰা পইচা লৈ পলাবলৈ লওঁতেই ৰাইজৰ হাতত কৰায়ত্ত এজন লোক
प्रवाशांनी भरलेली बस नदीत कोसळली, थरकाप उडवणारी घटना । Hpn Marathi News
प्रवाशांनी भरलेली बस नदीत कोसळली, थरकाप उडवणारी घटना । Hpn Marathi News
युवक ने जहर खाकर की आत्महत्या पुलिस ने करवाया पोस्टमार्टम जाँच में जुटी
शहर के कुन्हाड़ी इलाके की बापू कोलोनी में एक युवक ने जहर खाकर आत्महत्या कर ली जिसकी इलाज के दौरान...
Breaking News: Delhi में Private School को मिली बम से उड़ाने की धमकी, मचा हड़कंप | BombThreat
Breaking News: Delhi में Private School को मिली बम से उड़ाने की धमकी, मचा हड़कंप | BombThreat